ডিব্ৰুগড়, 9 মাৰ্চ: ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ 4 মাৰ্চৰ পৰা চহৰখনৰ কয়লাঘাটত হৈ থকা ভয়াৱহ খহনীয়াৰ পৰিদৰ্শনৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ গৰা-খহনীয়াৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগৰ সৈতে খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে আলোচনাতো মিলিত হয় সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in Dibrugarh) ৷
দিবাং নদীৰ সুঁতি সলোৱাৰ বাবে দক্ষিণ দিশত গৰাখহনীয়াত প্ৰভাৱ পৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে দিবাঙৰ সুঁতি অন্য দিশে সলোৱাৰ কাম বিভাগে বুধবাৰৰ পৰা আৰম্ভ কৰা বুলিও সদৰী কৰে সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰত্যাহ্বান থাকিলেও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথ প্ৰচেষ্টাৰে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থাৰ কাম আৰম্ভ কৰিব বুলি আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Erosion of Brahmaputra)।
উল্লেখ্য যে, ডিব্ৰুগড়ত গৰাখহনীয়া প্ৰতিৰোধ কৰাত চৰম ব্যৰ্থ হৈছে চৰকাৰ । কেইটামান মাহৰ পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰীকাই ৰাজকীয়ভাৱে ডিব্ৰুগড়ত গৰাখহনীয়াৰ স্থান পৰিদৰ্শন কৰিছিল । কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিদৰে কাম আগবাঢ়িব লাগিছিল সেয়া হৈ নুঠিল । ফলত খৰালি কালতো ডিব্ৰুগড়ত বৰলুইতৰ ভয়ংকৰ খহনীয়াক লৈ আতংকিত হৈ পৰিছে ডিব্ৰুগড়ৰ ৰাইজ (Erosion in Dibrugarh) ।