ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ : ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে "অমৃত বৃক্ষ আন্দোলন" কাৰ্যসূচীৰ অধীনত সমগ্ৰ অসমতে 1 কোটি গছপুলি ৰোপণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ অংশ স্বৰূপে ৰাজ্য চৰকাৰৰ সহযোগত ডিব্ৰুগড় প্ৰশাসনে নামৰূপৰ অভয়পুৰ গাঁৱত 25 একৰ মাটিত মাত্ৰ এক ঘণ্টাত 3 লাখ 50 হাজাৰ গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ স্থাপন কৰিছিল । 17 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’ চলি থাকিব ৷ কিন্তু বৃক্ষৰোপণ কাৰ্য কেৱল অভিলেখৰ বাদে যেন একোৱে নাছিল ৷
এফালে ৰাজ্য চৰকাৰে ‘‘অমৃত বৃক্ষ আন্দোলন’’ আৰম্ভ কৰা সময়ত ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ উষাপুৰত অৱস্থিত অইলৰ এলেকাত চলিছে বন ধ্বংসযজ্ঞ। দুলীয়াজানৰ কাষৰীয়া অঞ্চল উষাপুৰ মাজবামত অৱস্থিত অইলৰ NHK 638 হাই প্ৰেচাৰ সুৰক্ষিত এলেকাত বন ধ্বংস কৰিছে একাংশ দুস্কৃতিকাৰীয়ে । অইল নিৰাপত্তা বাহিনীৰ লগতে কাষতে আছে বন বিভাগৰ কাৰ্যালয় । ইয়াৰ পাচতো একাংশ দুস্কৃতিকাৰীয়ে বহু মূল্যৱান গছ কাটি শেষ কৰাক লৈ দুলীয়াজানত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।