ডিব্ৰুগড়, 13 জুলাই :আৰক্ষীৰ গুলিত আহত ভূপেন বৰুৱা নামৰ যুৱকজনক বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College)ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে ৷ বাওঁফালৰ ভৰিত গুলি লগা ভূপেন বৰুৱাৰ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে চিকৎসকে ৷ ইফালে, শীঘ্ৰে অস্ত্ৰোপ্ৰচাৰ কৰিব বুলি জানিবলৈ দিছে ডাঃ প্ৰশান্ত দিহিঙীয়াই । নাজিৰাৰ লিগিৰীপুখুৰীৰ পৰা লৈ আহি সোমাবাৰে নিশা ভূপেন বৰুৱাক ভৰ্তি কৰা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত ।
জানিব পৰা মতে, ভূপেন বৰুৱাই আলফাৰ লিংকমেন হিচাপে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছিল ৷ কিন্তু যোৱা দেওবাৰে আত্মাসমৰ্পন কৰিছিল ভূপেন বৰুৱাই ৷ অএনজিচি তিনি বিষয়া কৰ্মচাৰী ৰিতুল শইকীয়া, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ অপহৰণৰ লগত ভূপেন বৰুৱা জড়িত থকাৰ সন্দেহ কৰা হৈছিল ৷
দেওবাৰে আত্মসমৰ্পন কৰাৰ পাচতে শদিয়াত ভূপেন বৰুৱাক আটক কৰি নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লৈ গৈছিল ৷ যুৱকজনৰ তদন্ত প্ৰক্ৰিয়া চলি থকা সময়তে আৰক্ষীৰ ছাৰ্ভিছ ৰিভলভাৰ কাঢ়ি লৈ ভূপেন বৰুৱাই পলায়ন কৰা চেষ্টা কৰিছিল বুলি শিৱসাগৰ আৰক্ষীৰ অধীক্ষকে জানিবলৈ দিছে ৷