ডিব্ৰুগড় ,18 মে’ :কাৰাবন্দী আলফাৰ নেতা জীৱন মৰাণ আক্ৰান্ত হৈছে ক'ভিডত । উল্লেখ্য যে, শেহতীয়াকৈ বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণ ওৰফে গুণ্ড ডাঙৰীয়াক ডিব্ৰুগড় আৰক্ষীয়ে 2019 চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।
ইফালে, মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ক'ভিড পৰীক্ষা সময়ত আলফাৰ জ্যেষ্ঠ নেতা জনৰ লগতে মুঠ 52 জন লোকৰ দেহত পোৱা গৈছে ক’ভিডৰ অৱস্থিতি ।
জানিব পৰা মতে, দুদিনৰ পূৰ্বে এজন কয়দীৰ ক'ভিডত আক্ৰান্ত হোৱাত আজি কাৰাগাৰখনৰ কয়দী সকলৰ ক'ভিড পৰীক্ষা কৰা হৈছিল ।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ চৌকিডিঙীৰ বিশাল কুমাৰ মিশ্ৰ নামৰ এজন ব্যৱসায়ীক 20 লাখ টকা ধনদাবীৰ সন্দৰ্ভত থকা এক গোচৰৰ ভিত্তিত ৩০ এপ্ৰিলত ভাৰতীয় দণ্ডবিধি আইনৰ 387/ IPC r/w Section 66(D) IT act আৰু অতিৰিক্ত ভাবে 66(F)(I)(a) IT ধাৰাৰ অধীনত 1197/2019নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল আলফা নেতাজনক।