ডিব্ৰুগড়,23 জুলাই: দেওবাৰে পুনৰ এনকাউন্টাৰ ঘটনা ৷ এইবাৰ আৰক্ষীৰ গুলীত আহত হৈছে সন্দেহজনক আলফাৰ (স্বাঃ) লিংকমেন হেম চেতিয়া ৷ যি সময়ত চৰকাৰ আৰু আলফা (স্বাঃ)ৰ মাজত আলোচনাৰ প্ৰসংগ উত্থাপন হৈছে তেনে সময়তে উজনি অসমত শক্তি বৃদ্ধি কৰিছে আলফা (স্বাঃ)ই ! শনিবাৰে বৃহৎ পৰিমাণৰ ধনসহ আৰক্ষীৰ জালত পৰিছিল দুজনকৈ সন্দেহজনক আলফাৰ লিংকমেন ৷ দুই সন্দেহজনক আলফা লিংকমেনক ডিব্ৰুগড় আৰু খোৱাং দুলীয়া ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰিছিল পুষ্পাঞ্জলী দেৱী গগৈ আৰু হেম চেতিয়া নামৰ দুই সন্দেহজনক আলফা স্বাধীনৰ লিংকমেনক ৷
ইফালে দেওবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে সংবাদমেলযোগে পুৱাৰ ভাগত সংঘটিত এনকাউন্টাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ ‘‘খোৱাং দুলীয়া ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল হেম চেতিয়াক । হেম চেতিয়াৰ পৰা এখন বাহন, ১ লাখ ৬৪ হাজাৰ টকা আৰু বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে ৷ আটক হোৱা হেম চেতিয়াই খোৱাঙত পুনৰ ধন থকা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল ৷’’