অসম

assam

ETV Bharat / state

ঐতিহাসিক কাজিখোৱা গল্ফ ফিল্ড সংৰক্ষণৰ দাবীত আলফা স্বাধীনৰ বিবৃতি - বৃহৎ চাহ পুঁজিপতি গোষ্ঠী এপিজে টি কোম্পানী

চাবুৱাৰ 110 বছৰীয়া পুৰণি কাজিখোৱা গল্ফ খেলপথাৰ আৰু তিনিচুকীয়া জিলাৰ পানীতোলাৰ সমীপৰ এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখন সংৰক্ষণৰ দাবীৰে আলফা(স্বাধীন)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক বিবৃতি ৷ বিবৃতিত চাহ কোম্পানী এ পি জে আৰু চাবুৱাৰ থলুৱা একাংশ ব্যক্তি বিশেষক কাজিখোৱাস্থিত ঐতিহাসিক প'ল' ফিল্ডক লৈ যিকোনো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷

ulfa-i-released-a-statement-demanding-historic-kazikhowa-golf-field-conservation
ঐতিহাসিক কাজিখোৱা গল্ফ ফিল্ড সংৰক্ষণৰ দাবীত আলফা স্বাধীনৰ বিবৃতি

By

Published : Aug 23, 2021, 4:44 PM IST

মৰাণ, 23 আগষ্ট:উজনি অসমৰ ভিতৰতে অন্যতম চহকী ক্ৰীড়াক্ষেত্ৰ ৰূপে পৰিচিত তথা ইতিহাস প্ৰসিদ্ধ চাবুৱাৰ 110 বছৰীয়া পুৰণি কাজিখোৱা গল্ফ খেলপথাৰখন নিচিহ্ন কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে বৃহৎ পুঁজিপতি চাহ কোম্পানীয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত কৰ'ণা মহামাৰী সংক্ৰমণৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি চাবুৱাৰ খাৰজান বাগিচা কৰ্তৃপক্ষই চকুৰ সন্মুখতে প্ৰায় ধ্বংস কৰি পেলাইছে প্ৰায় 24 হেক্টৰ ভূমি তথা 110 বছৰীয়া ঐতিহাসিক গল্ফ ফিল্ডখন ৷

1911 চনতেই ব্ৰিটিছৰ ৰাজত্ব কালতে নিৰ্মাণ হৈছিল চাবুৱাৰ কাজিখোৱাস্থিত গল্ফ ফিল্ডখন ৷ পিছে এইখন গল্ফ ফিল্ড এতিয়া চাহ কোম্পানীৰ টেঁটু চেঁপাত গভীৰ সংকটৰ গৰাহত পৰিছে ৷ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ এতিয়া স্থানীয় ৰাইজৰ চকুৰ সন্মুখতে ক্ৰমান্বয়ে ধ্বংস হ'ব ধৰিছে ৷

উল্লেখ্য যে, বৃহৎ চাহ পুঁজিপতি গোষ্ঠী এপিজে টি কোম্পানীৰ অধীনস্থ খাৰজান চাহ বাগিচাই কাঁজিখোৱাৰ ঐতিহাসিক ফিল্ডখন কেইমাহমানৰ পূৰ্বে ট্ৰেক্টৰেৰে খান্দি চাহ বাগিচা খুলিবলৈ তৎপৰ হৈ পৰিছিল ৷

আনহাতে পৰ্যটন অথবা ক্ৰীড়া বিভাগৰ বিনা অনুমতিতে নিজ খেয়াল খুচিৰে এপিজে টি কোম্পানীয়ে এই ফিল্ডখনৰ খনন কৰাৰ পিছতেই গৰজি উঠিছিল চাবুৱাৰ বিভিন্ন দল সংগঠন ৷ উল্লেখ্য যে, ফিল্ডখন সংৰক্ষণৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা উপায়ুক্তক এক নিৰ্দেশনা প্ৰদান দিছিল ৷ সেইমৰ্মে প্ৰশাসনে গল্ফ ফিল্ডত 144 ধাৰা জাৰি কৰি উক্ত স্থানত সকলো লোকৰে প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷

স্থানীয় সচেতন যুৱকৰ প্ৰতিক্ৰিয়া

লগতে পঢ়কঃসুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

প্ৰশাসনৰ এই ঘোষণাৰ পিছতো বৃহৎ পুঁজিপতি গোষ্ঠীয়ে এখন ঐতিহাসিক গল্ফ ফিল্ডৰ অতি মুল্যবান গছসমূহৰ ছাল এৰুৱাই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি গছ বন সমূহ মাৰি পেলাইছে ৷

ৰাইজৰ প্ৰবল দাবী আৰু সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পোৱাৰ পিছতেই বিধায়ক পোনাকণ বৰুৱাৰ তৎপৰতাত ডিব্ৰুগড় জিলা উপায়ুক্তই 9 আগষ্টত ডিব্ৰুগড় জিলা প্ৰশাসন, খাৰজান চাহ বাগিছা, উজনী অসম গল্ফ এছ'চিয়েশ্যন, অসম চাহ মজদুৰ সংঘ আৰু আটছাৰ সৈতে হোৱা আলোচনা মৰ্মে 166 আগষ্টত জিলা প্ৰশাসনে 144 ধাৰা শিথিল কৰি গ'ল্ফ ফিল্ড খনৰ ঐতিহ্য সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়কঃইটিভি ভাৰতৰ বাতৰি পিছতেই কঠোৰ হৈছে ৰঙিয়াৰ আৰক্ষী প্ৰশাসন

আনহাতে,সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আলফা(স্বাধীন)ৰ প্ৰচাৰ সচিব কেপ্টেইন ৰুমেল অসমে চাহ কোম্পানী এপিজে আৰু চাবুৱাৰ একাংশ থলুৱা লোকক কাজিখোৱাস্থিত ঐতিহাসিক প'ল' ফিল্ডক লৈ যিকোনো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ আলফা(স্বাধীন)ই কোনো ধৰণৰ মাফিয়াৰাজ সহ্য নকৰে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ৷

আলফা(স্বাধীন)ৰ দাবী, প'ল' ফিল্ডক খেলপথাৰ হিচাপেই থাকিবলৈ দিয়ক অথবা শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে ইয়াক শিশু উদ্যান হিচাপে গঢ়ি তোলক । তদুপৰি সংগঠনটোৱে তিনিচুকীয়া জিলাৰ পানীতোলাৰ সমীপৰ এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখন খান্দি চাহ পুলি ৰোপণৰ আয়োজন চলোৱা কাৰ্য বন্ধ কৰিবলৈও বিবৃতিটোত সকীয়াই দিছে ৷

লগতে পঢ়কঃআৰক্ষীৰূপী দুৰ্ধৰ্ষ ডকাইত আনোৱাৰ হুছেইনৰ আত্মসমৰ্পন

এই সন্দৰ্ভত সংগঠনটোৱে সতৰ্ক কৰি দি কয় যে, যদি তেঁওলোকে তৎক্ষণাৎ চাহ গছপুলি ৰোপণ বন্ধ নকৰে তেন্তে পৰিণাম ভয়ানক হ'ব ৷ ইয়াৰ সমান্তৰালভাৱে এই বিষয়টো সন্দৰ্ভত চাবুৱা, পানীতোলাৰ দল সংগঠন সমূহেও সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, আছাম ফ্ৰণ্টিয়াৰ চেলেঞ্জ কাপ গল্ফ টুৰ্নামেণ্ট (1911), আছাম ৰিভিউ কাপ (1936), পেট কাৰ প্লেট(1959),ৰবি আলাচ কাপ(1970)আদিৰ দৰে টুৰ্নামেণ্ট অনুষ্ঠিত হোৱা কাঁজিখোৱাৰ পল' খেলপথাৰ আৰু পানীতোলা চাহ বাগিচাৰ খেলপথাৰ খনক লৈ আলফা (স্বাধীন)ৰ এই সকিয়নীৰ পিছত এপিজে টি কোম্পানী আৰু এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ কৰ্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ ৰ'ব ৷

লগতে পঢ়কঃসুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details