ডিব্ৰুগড়, 23 জুলাই :ডিব্ৰুগড়ৰ খোৱাঙত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তিক চিনাক্ত কৰি ৰাইজৰ আদালতত ৰাইজৰ দ্বাৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ 22 জুলাই, শনিবাৰে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰাৰ দিনাই নিশা ডিব্ৰুগড়ৰ খোৱাঙত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন আলফা (স্বাধীন)ৰ লিংকমেন ৷
আৰক্ষীৰ এনকাউণ্টাৰত খোৱাঙত এজন আলফাৰ লিংকমেন আহত হয় ৷ আহত লিংকমেনজনৰ নাম হেম চেতিয়া বুলি জানিব পৰা গৈছে ৷ লিংকমেনজনে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আলফাৰ নামত ধন দাবী কৰা বুলি আৰক্ষীয়ে সম্ভেদ লাভ কৰিছিল ৷ খোৱাঙৰ তিনঠেঙীয়াত শনিবাৰে নিশা আৰক্ষীয়ে লিংকমেনজনক এনকাউণ্টাৰ কৰে ৷ ইতিমধ্যে আহত হেম চেতিয়াক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে ৷ অৱ অৱশ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে এতিয়াও সংবাদ মাধ্যমৰ আগত অধিক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷
উল্লেখ্য যে, আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ বিষয় আগ নবঢ়াৰ পাছতেই ৰাজ্যত পুনৰ আলফাই সাংগঠনিক কাম-কাজ আৰম্ভ কৰাৰ কুছ কাৱাজ চলিছিল ৷ উজনিত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছিল আলফা স্বাধীনৰ বিৰুদ্ধে ৷ ইয়াৰ পাচতেই 22 জুলাই শনিবাৰে এই সন্দৰ্ভত স্পষ্টিকৰণ দিছিল আলফানে (স্বাধীন) ৷