ডিব্ৰুগড়, 13 জুন: পুনৰ আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ ৷ এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসম নামৰ আলফা স্বাধীনৰ কেডাৰগৰাকীয়ে ৷ আলফা (স্বাঃ)ৰ চাৰ্জেন্ট মেজৰ আছিল প্ৰিয়ব্ৰত অসম ৷ সোমবাৰে আত্মসমৰ্পণ কৰে প্ৰিয়ব্ৰত অসমে ৷
উল্লেখ্য যে, 2011 চনত আলফা স্বাধীনত যোগদান কৰিছিল এই কেডাৰজনে ৷ প্ৰিয়ব্ৰত অসমৰ ঘৰ ডিব্ৰুগড়ৰ চেপনৰ নাহৰণি গাঁৱত বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমক ৷ আলফা স্বাধীনৰ এক উচ্চস্তৰীয় সূত্ৰই ইটিভি ভাৰতক সদৰী কৰা তথ্য অনুসৰি চাৰি মাহ পূৰ্বে ম্যানমাৰস্থিত মুখ্য শিবিৰৰ পৰা পলায়ন কৰিছিল প্ৰিয়ব্ৰত অসমে ৷ আনহাতে পূৰ্বেও এবাৰ পলায়নৰ প্ৰচেষ্টা চলাইছিল প্ৰিয়ব্ৰতে ৷