ডিব্ৰুগড়, 22 জুন:সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা প্ৰথমখন খচৰা প্ৰস্তুত কৰাৰ পিছতেই ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিৰ বিলু্প্তি ঘটিছে ৷ বিধানসভা সমষ্টিসমূহ বিলুপ্ত হোৱাৰ লগতে বহু কেইজন বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰাৰ সমান্তৰালভাৱে সমষ্টি সমূহ নোহোৱা হোৱাত বিষয়টো সহজে মানি ল'ব পৰা নাই সমষ্টিবাসী ৰাইজে ৷
বিৰোধী কংগ্ৰেছৰ লগতে দল- সংগঠনৰ দাবী শাসক দল বিজেপিয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে এই সমষ্টি নিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ স্থগিতাদেশ কৰাৰ প্ৰস্তুতি চলাইছে টাইপাই ৷ টাই আহোম সকলক ৰাজনৈতিক ভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাখন ৷ মৰাণত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ এই প্ৰতিক্ৰিয়া ৷ আহোমৰ লগতে অন্য জাতি জনগোষ্ঠীক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে বুলি মন্তব্য কৰে নেতা দুজনে ৷