ডিব্ৰুগড়, 7 আগষ্ট : শেহতীয়াকৈ উজনিত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আলফা স্বাধীন । ৰাজ্য চৰকাৰৰ কঠোৰ সকীয়নিৰ পাছতো ৰাজ্যত পুনৰ আলফাই আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । উজনিৰ একাংশ ব্যৱসায়ীক আলফা (স্বা)ৰ ধন দাবী আৰু আলফা (স্বা)ত যোগদান পৰ্ব অব্যাহত আছে বুলি চৰ্চা চলি থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ মৰাণত দুজনকৈ যুৱক যোৱা দুটা মাহে সন্ধানহীন হৈ থকাক লৈ ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত । সন্ধানহীন হোৱা যুৱক দুজন ক্ৰমে খোৱাং দুলীয়া লাহোৱাল গাঁৱৰ বিকি গগৈ (26) আৰু খোৱাং ৰাংচালি গাঁৱৰ ৰাকেশ গগৈ ওৰফে লাডেন (23) ।
উল্লেখ্য যে, দুয়োজন যুৱক যোৱা 26 মে' সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে । যাৰ বাবে দুয়োটা পৰিয়ালত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । যুৱক দুজনৰ সন্ধান বিচাৰি ইতিমধ্যে স্থানীয় খোৱাং আৰক্ষী থানা কৰ্তৃপক্ষক পৰিয়ালৰ লোকে লিখিতভাৱে অৱগত কৰিছে । পৰিয়ালৰ লোকে চিনাকী লোক অথবা আত্মীয় লোকৰ লগত যোগাযোগ কৰিছে যদিও যুৱক দুজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । যুৱক দুজনে আলফা (স্বা) যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে ।