মৰাণ,8 মে’: শুকুৰবাৰে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ দুখনকৈ গাঁৱক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ'ন হিচাপে ৷ ইয়াৰে এখন গাঁও খোৱাং বাঁহনি পথাৰ আৰু আনখন ন-খাট গাঁও । স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে দুয়োখন গাঁৱতে ১০ শতাংশতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ যাৰ বাবে দুয়োখন গাঁৱকে প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ।
উল্লেখ্য যে, দুয়োখন গাঁৱৰ প্ৰৱেশ পথত বাঁহ বান্ধি প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰ বেনাৰ আঁৰি দিয়ে আৰু কোনো লোককে এটা সপ্তাহৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰে ৷ ক’ভিডত আক্ৰান্ত হৈ মৰাণ ৰাজহ চক্ৰৰ অধীনৰ চিকিৎসালয়সমূহতে ৪ জনকৈ ব্যক্তি মৃত্যু হোৱাৰ লগতে প্ৰায় ৬ শতাধিক লোক ক'ভিডত আক্ৰান্ত হোৱাত প্ৰশাসনে মৰাণ আৰু খোৱাঙত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ।