মৰাণ, ১৬ অক্টোবৰ :মৰাণ থানাত ৮ অক্টোবৰৰ নিশা ১১ যুৱকক প্ৰহাৰ কৰাৰ অপৰাধত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৈমাৰী আৰু মৰাণ থানাৰ এছ আই ভৱেন দত্তক নিলম্বন কৰিছে গৃহ বিভাগে (Moran police station officers suspended)। ঘটনাৰ পাছতে ৰিজাৰ্ভ ক্ল'জ কৰাৰ (Moran police reserved closed) পাছত দেওবাৰে চাকৰিৰ পৰা নিলম্বিত কৰিছে বিভাগে ।
দুই আৰক্ষীৰ বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰাৰ পাছতে ৰাইজে কঠোৰ শাস্তি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ পাছতেই দুই আৰক্ষী বিষয়াক গৃহ বিভাগে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ৭ অক্টোবৰৰ নিশা মৰাণৰ পেচিফিক ধাবাত নৈশ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে মৰাণ আৰক্ষী থানাৰ (Moran Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ পত্নীক এটা যুৱকৰ দলে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পাছতে আৰক্ষী বিষয়াগৰাকীয়ে কোনোধৰণৰ প্ৰাথমিক তদন্ত নকৰাকৈ ধাবাখনত আহাৰ গ্ৰহণ কৰি থকা ১১ জনকৈ যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল (Brutally beaten by Moran OC) ৷ ইয়াৰোপৰি যুৱককেইজক থানালৈ লৈ গৈও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷