ডিব্ৰুগড়, ২৯ ছেপ্টেম্বৰ :ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ ৰাইজৰ বাবে আহিছে এটা ভাল খবৰ । মালয়ছিয়াত অনুষ্ঠিত হৈ থকা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ দুজনকৈ খেলুৱৈয়ে পদক জয় কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ । মালয়ছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ নালিয়াপুলৰ খেলুৱৈ মৃন্ময় তালুকদাৰে পদক জয় কৰিবলৈ ৰাজ্য তথা দেশলৈ সৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখন ১ অক্টোবৰলৈকে মালয়ছিয়াত অনুষ্ঠিত হ’ব ৷ বিশ্বৰ কেবাখনো দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷ এই প্ৰতিযোগিতাৰ ১৫ বছৰ অনুৰ্ধৰ শাখাত ৬৩ কেজিত মৃন্ময় তালুকদাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।
আনহাতে, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে । বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ২১ অনুৰ্ধৰ ৯৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে । মৃন্ময় তালুকদাৰ আৰু নাহৰকটীয়া পি ডব্লিউ ডি ক'লনিৰ সুবোধ গগৈ আৰু ঋতুমণি গগৈৰ সু-সন্তান নৱদ্বীপ গগৈয়ে বিশ্ব পাঞ্জা প্ৰতিযোগিতাত পদক লাভ কৰি সমগ্ৰ অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ।