মৰাণ, 10 জুলাই : মৰাণৰ খুমটাইত শুকুৰবাৰে আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জাসহ দুজন যুৱকক আটক কৰে ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই থমচন তিনিআলিত মৰাণহাট আৰক্ষীয়ে (Moranhat Police) কাকতিবাৰী আৰক্ষীৰ সহযোগত গাঞ্জাসহ আটক কৰে যুৱক দুজনক । আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে কাকতিবাৰী আৰক্ষী থানাৰ (kaktibari Police Station) অন্তৰ্গত দেওঘৰীয়া গাঁৱৰ অশোক দাস (২১) আৰু গণেশ দাস (২৪) বুলি জানিব পৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷ ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ এজন যুৱকক আটক কৰে ।