অসম

assam

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে গাঞ্জাসহ আটক কৰিলে দুজনক

By

Published : Jun 1, 2022, 10:43 PM IST

ৰাজ্যত যেন ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহ আৰু ব্যৱসায় এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বিভিন্ন কৌশলেৰে চলাই গৈছে এই বিহৰ সৰবৰাহ আৰু ব্যৱসায় ৷ এইবাৰ ডিব্ৰুগড়ত বুজন পৰিমাণৰ গাঞ্জাসহ দুজন ব্যৱসায়ীক আটক(Two person arrested for selling ganja at Dibrugarh) ৷

Two person arrested for selling ganja at Dibrugarh
ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে গাঞ্জা সহ আটক কৰিলে দুজনক

মৰাণ, 1 জুন :অসম আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়(Assam Police against drugs and ganja) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং কাৰবাৰ ৷ আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে গাঞ্জা সহ আটক কৰিলে দুজনক

এইবাৰ বিশেষ সুত্ৰৰ পম খেদি বৰবৰুৱাৰ চেঁচা তিনিআলিৰ পৰা আৰক্ষীয়ে বিক্ৰী কৰি থকা অৱস্থাত জব্দ কৰে ৪৩৯ গ্ৰাম গাঞ্জা ৷ গাঞ্জাখিনি বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীয়ে লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়(Two person arrested for selling ganja at Dibrugarh) ৷ আটকাধীন যুৱককেইজন হৈছে বিমান পাইট আৰু দৱানবাৰীৰ গাঞ্জা বিক্ৰেতা উৎপল দাস ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি এই যুৱক দুজনে বৰবৰুৱা অঞ্চলত চলাই গৈছিল গাঞ্জাৰ ৰমৰমীয় ব্যৱসায় ৷

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে গাঞ্জা সহ আটক কৰিলে দুজনক

ইফালে, বৰপেটাৰ হাউলীতো শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Huge quantity of ganja seized in Barpeta) ৷ ধৃত গাঞ্জা সৰবৰাহকাৰী দুটা বকুল বৈশ্য আৰু মান্নান হুছেইন ৷ দুয়োৰো ঘৰ হাউলীৰ সমীপৰ কালঝাৰ গাঁৱত ৷

আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা প্ৰায় ৩৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ হাউলীৰ কালঝাৰৰ পৰা বৰপেটাৰোডলৈ গৈ থকা অৱস্থাত গাঞ্জাসহ সৰবৰাহকাৰীদুটাক গ্ৰেপ্তাৰ কৰে হাউলী আৰক্ষীয়ে(Two ganja supplier arrested in Barpeta) ।

লগতে পঢ়ক :বৰপেটাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

TAGGED:

ABOUT THE AUTHOR

...view details