অসম

assam

By

Published : Jun 5, 2021, 10:17 AM IST

ETV Bharat / state

চাচনীত ড্ৰাগছসহ দুজনক আটক

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো তীব্ৰতৰ ৰূপত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলি আছে ৷ শুকুৰবাৰে জিলাখনত ড্ৰাগছসহ আটক কৰিছে দুজনক ৷

Two people arrested with drugs at Sasoni
চাচনীত ড্ৰাগছসহ দুজনক আটক

মৰাণ,5 জুন:ৰাজ্যৰ শাসনৰ বাঘজৰী নতুন চৰকাৰখনে হাতত লোৱাৰ পিছৰে পৰা ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ শদিয়াৰ পৰা ধুবুৰীলৈ অসম আৰক্ষী(assam police)ৰ হাতত পৰিছে ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰী (drugs peddler) তথা মাফিয়া ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও শেহতীয়াকৈ উল্লেখ কৰিছে এখন ড্ৰাগছবিহীন অসমৰ প্ৰসংগ ৷

চাচনীত ড্ৰাগছসহ দুজনক আটক

ডিব্ৰুগড় আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । শুকুৰবাৰে নিশা নিষিদ্ধ ড্ৰাগছসহ জিলাখনৰ চাচনীত দুজনক আটক কৰিছে আৰক্ষীয়ে । নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনীৰ পৰা আৰক্ষীয়ে আটক কৰা লোক দুজনৰ নাম হৈছে মিণ্টু শইকীয়া আৰু যোছেফ হাজৰিকা ৷ সূত্ৰ অনুসৰি, এখন স্কুটীৰ লগতে ৫ গ্ৰাম হেৰ’ইন আৰু ০.২৪ গ্ৰাম ব্ৰাউন চুগাৰ ধৃত যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৷

লগতে পঢ়ক:নীতি আয়োগৰ প্ৰতিবেদনে উদঙালে অসমৰ উন্নয়নৰ এছ ডি জি

ABOUT THE AUTHOR

...view details