মৰাণ, 9 জুলাই: ৰাজ্যত অব্যাহত থকা ক'ভিড (COVID) ভয়াৱহতাৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ (DRUGS) ৷ ড্ৰাগছ, অবৈধ সুৰা, গাঞ্জা আদিক লৈ সম্প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে । ইতিমধ্যে নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ।
অসম আৰক্ষীয়ে (ASSAM POLICE) ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি নামৰূপৰ সোণাৰি তিনি আলিৰ পৰা অমৰ মুখাৰ্জী ওৰফে লিটন নামৰ নামৰূপৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত অমৰ মুখাৰ্জীৰ স্বীকাৰোক্তিত নামৰূপ নিউ কলনীৰ পৰা কিৰণ গঞ্জু নামৰ আন এটা ড্ৰাগছ পেডলাৰ আটক কৰিবলৈ সক্ষম হয় ।