অসম

assam

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ দেহত ক'ভিড-19

By

Published : Jun 3, 2020, 2:42 AM IST

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন দুজন ৰোগীৰ দেহত ধৰা পৰিছে COVID-19 ৷ মেডিচিন বিভাগৰ 4 নং ব্লকত চিকিৎসাধীন হৈ থকা ৰোগী দুজনৰ দেহত ক'ভিড-19 ধৰা পৰাৰ পাচতেই চিকিৎসালয় খনত লাগিছে হুৱাদুৱা ৷

COVID-19 PATIENT
COVID-19 PATIENT

ডিব্ৰুগড়, 2 জুন : এটা ভয়ংকৰ খবৰে জোঁকাৰি গৈছে ডিব্ৰুগড় জিলা ৷ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা দুজনকৈ ব্যক্তিৰ দেহত পোৱা গৈছে ক'ভিড-১৯ ৷ এই খবৰ প্ৰকাশৰ পাচতেই সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিচিন বিভাগৰ চাৰি আৰু পাঁচ নং ব্লকৰ তৃতীয় মহলাত চিকিৎসাধীন হৈ আছিল ৰোগী দুজন ৷ চিকিৎসাধীন অৱস্থাত তেওঁলোক ক'ভিড-১৯ আক্ৰান্ত হোৱা খবৰে ব্যাপক হৈ-চৈৰ সৃষ্টি কৰে।

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিচিন ৱাৰ্ডত ক'ভিড-19 ৰোগী

উল্লেখ্য যে, তেওঁলোকৰ এজন মুম্বাইৰ পৰা আহি প্ৰাতিষ্ঠানিক কোৱাৰেন্টাইনত থকা অৱস্থাত আক্ৰান্ত হৈছিল ডায়েৰীত ৷ ততাতৈয়াকৈ লোকজনক আইচ'লেশ্যন ৱাৰ্ডত ভৰ্তি কৰি স্বাৱ পৰীক্ষা কৰা হয় ৷ প্ৰথম দুটা স্বাৱ পৰীক্ষাত ব্যক্তিগৰাকীৰ দেহত ক'ভিত-19 ধৰা পৰা নাছিল ৷ যাৰবাবে তেওঁক আইচ'লেশ্যনৰ পৰা আনি মেডিচিন বিভাগৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হয় ৷ কিন্তু তৃতীয়টো পৰীক্ষাত লোকজনৰ দেহত ভাইৰাছবিধৰ অৱস্থিতিৰ কথা পোহৰলৈ আহে ৷

আনহাতে, আনজন ব্যক্তি চেন্নাইৰ পৰা আহি একেটা কোৱাৰেন্টাইন কেন্দ্ৰত ভৰ্তি হৈছিল যদিও লোকজন সামান্য জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হোৱা তেওঁকো ভৰ্তি কৰোৱা হয় আইচ'লেশ্যনত ৷ কিন্তু দুবাৰ স্বাৱ পৰীক্ষাত ক'ভিড-19 ধৰা নপৰাত তেওঁকো মেডিচিন কক্ষত ভৰ্তি কৰা হৈছিল ৷ কিন্তু তৃতীয়টো পৰীক্ষাতহে লোকজন ক'ভিড-19 আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

কনটেইনমেন্ট জ'ন কৰা হ'ল অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ৱাৰ্ড

আনহাতে, মৰাণ নবোদয় স্কুলৰ কোৱাৰেইন্টাইনতে থকা আন এজন ব্যক্তি আৰু লেজাই মডেল হাস্পতালৰ আইচ'লেশ্যন ৱাৰ্ডত থকা এজন ব্যক্তিৰ দেহতো পোৱা গৈছে ক'ভিড 19 । ইয়াকে লৈ ডিব্ৰুগড়ত মুঠ ৪০জন ক'ভিড-19 আক্ৰান্ত চিনাক্ত হৈছে ।

আশ্চৰ্যজনক কথা যে, ইপিনে অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগতে বিভিন্ন ৰোগত চিকিৎসাধীন হৈ আছে বহুতো ৰোগী। কেইবাজনো জেষ্ঠ আৰু কণিষ্ঠ চিকিৎসকসহ নাৰ্চ,কৰ্মচাৰী আদিও ক'ভিড-19 আক্ৰান্ত দুজনৰ সংস্পৰ্শলৈ আহিছে । তেনে ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ মেডিচিন ৱাৰ্ডটো কন্টেইনমেণ্ট জ'ন হিচাপে চিহ্নিত কৰিছে ।

লগতে পঢ়ক : কাকপথাৰত মুক্ত স্থানত পেলাই থোৱা অৱস্থাত উদ্ধাৰ পিপিই কীট

ABOUT THE AUTHOR

...view details