অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ ধৰ্ষণকাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ - Jalan nagar Tea Estate

মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ সময়তে জিলাখনত শনিবাৰে সংঘটিত হৈছিল এক দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ আৰক্ষীয়ে ধৰ্ষণত জড়িতৰ অভিযোগত দেওবাৰে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ সোমবাৰে গ্ৰেপ্তাৰ কৰে অন্য দুজন অভিযুক্তক ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত 989/2020 নম্বৰত ৰুজু হৈছে এক গোচৰ ৷

Two more arrested in accused of dibrugarh gang rape case assam etv bharat news
ধৰ্ষণকাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ দুজন

By

Published : Jun 22, 2020, 8:33 PM IST

ডিব্ৰুগড়,22 জুন:দলবদ্ধ কিশোৰী ধৰ্ষণৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা ডিব্ৰুগড়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন অভিযুক্তক ৷ গ্ৰেপ্তাৰ কৰা যুৱক দুজন ক্ৰমে প্ৰদীপ দাস ওৰফে ব্ৰেট লী আৰু ঘোংৰু থাপা বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা এগৰাকী কিশোৰীক ৰাজপথৰ পৰা মটৰ চাইকেলেৰে অপহৰণ কৰি এটা চাৰিজনীয়া যুৱকৰ দলে চহৰখনৰ জালান নগৰ চাহ বাগানত ধৰ্ষণ কৰে ৷ ঘটনাত জড়িতৰ সন্দেহত আৰক্ষীয়ে বিকি ৰায় আৰু বিকাশ ৰায় নামৰ দুজনক দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে পুনৰ দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ সময়তে শনিবাৰে এই ধৰ্ষণকাণ্ড সংঘটিত হৈছিল ৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে বান্ধৱীৰ ঘৰৰ পৰা বায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চাৰিজন ব্যক্তিয়ে ধৰ্ষণ কৰিছিল ৷

ধৰ্ষণকাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ দুজন

আনহাতে, বিগত কিছুদিনৰ পৰা একাংশ বিজেপি কৰ্মীৰ কৰ্মকাণ্ডই ছ’চিয়েল মেডিয়াত ব্যাপক খলকনি সৃষ্টি কৰাৰ সময়তে পুনৰবাৰ চৰ্চালৈ আহিছে এই কাণ্ডত জড়িতৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিকাশ ৰায়ৰ নাম ৷ ৰায় পূৰ্বৰে পৰা বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী,বিধায়কৰ লগত ঘনিষ্ঠ বুলি ইতিমধ্যে ছ’চিয়েল মেডিয়াত প্ৰচাৰ হৈছিল ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত 989/2020 নম্বৰত ৰুজু হৈছে এক গোচৰ ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰে অভিযুক্ত চাৰিজনক ৷

লগতে চাওকঃকোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details