মৰাণ,17 জুন : ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত কাছ গাঁৱত বুধবাৰে নিশা প্ৰায় 8 বজাত সুৰামত্ত হৈ দুজন যুৱকে আন এজন যুৱকক কুঠাৰেৰে মৰিয়াই হত্যা (murder) কৰে ৷ ইয়াৰ পাচতে এই নৃশংস হত্যাকাণ্ডই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । ঘটনা সন্দৰ্ভত তদন্ত কৰি বৃহস্পতিবাৰে অভিযুক্ত বাবাটো ঘাটোৱাৰ (24) আৰু কমলেশ্বৰ ঘাটোৱাৰ (22)ক আটক কৰিছে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্ত দুজনক ।
টেঙাখাটৰ নৃশংস হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক আটক
ডিব্ৰুগড়ৰ টেঙাখাটৰ কাছ গাঁৱত বুধবাৰে নিশা এজন যুৱকক কুঠাৰেৰে মৰিয়াই হত্যা (murder) কৰে আন দুজন যুৱকে ৷ পাৰিবাৰিক কাৰণত এই হত্য়াকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ধৃত যুৱকদ্বয়ক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
ঘটনা অনুসৰি, কাছ গাঁৱৰ নিৱাসী বাবাটো (অন্নন) ঘাটোৱাৰ আৰু কমলেশ্বৰ ঘাটোৱাৰে অজয় গোৱালা (23) নামৰ যুৱকজনক পাৰিবাৰিক কাৰণত সুৰামত্ত হৈ কুঠাৰেৰে আঘাত কৰে । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় (Mahatma Gandhi Adarsha Hospital)লৈ নিয়া হৈছিল যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় (AMCH) হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক :নগাঁৱত আত্মীয়ৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী