অসম

assam

By

Published : Nov 1, 2019, 4:45 PM IST

ETV Bharat / state

ডিব্ৰুগড়ৰ মধুপুৰত 2 জনী বন্যহস্তীৰ মৃত্যু

ডিব্ৰুগড়ত প্ৰাণ হেৰুৱালে দুটাকৈ বন্য হস্তীয়ে ৷ ইপিনে মৃত হাতী দুজনীৰ ভিতৰত আছিল এটি প্ৰায় তিনি বছৰীয়া পোৱালী হাতী ।

প্ৰাণ হেৰুওৱা বন্যহস্তী 2 টা

ডিব্ৰুগড়,1 নৱেম্বৰঃ ডিব্ৰুগড়ৰ মেডেলা বন সংমণ্ডলৰ মধুপুৰ বিতৰ অন্তৰ্গত মধুপুৰ চেত্ৰী চুকত প্ৰাণ হেৰুৱালে দুটাকৈ বন্য হস্তীয়ে ৷ এই দুই মাইকী হাতীৰ মৃত্যুৰ কাৰণ বৰ্তমানো জানিব পৰা নাই যদিও হাতী দুজনীৰ দেহৰ প্ৰাৰম্ভিক তদন্তত বন বিভাগে এইয়া বিদ্যুতৰ সংস্পৰ্শলৈ অহাৰ বাবেই হোৱা মৃত্যু বুলি আশংকা কৰিছে । ইপিনে মৃত হাতী দুজনীৰ ভিতৰত আছিল এটি প্ৰায় তিনি বছৰীয়া পোৱালী । পোৱালী হাতীজনীৰ দেহত বিদ্যুৎ প্ৰবাহিত হ'ব পৰা তাঁৰ মেৰ খাই আছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শতাধিক বন্যহস্তীৰ জাঁকে অঞ্চলটোৰ পথাৰৰ পকিবলৈ ধৰা ধান খাই বৃহৎ পৰিমাণৰ কৃষিভূমি নষ্ট কৰি আহিছিল ।

ডিব্ৰুগড়ৰ মধুপুৰত 2 জনী বন্যহস্তীৰ মৃত্যু

ABOUT THE AUTHOR

...view details