নাহৰকটীয়া,2 জুন : ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু চৰাইদেউ জিলা সংযোগী এখন বাঁহৰ দলং বুধবাৰে উটুৱাই নিয়ে নৈৰ বাঢ়নী পানীয়ে ৷ প্ৰায় এটা দশক ধৰি লালপাগুৰী ঘাটত এখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে যদিও আজি পৰ্যন্ত দলঙৰ কাম সম্পূৰ্ণ হোৱা নাই ৷ ফলত প্ৰতিবছৰে বাৰিষাৰ সময়ত অঞ্চলবাসীৰ মাজত অসুবিধাৰ সৃষ্টি হয় ৷
বাৰিষাৰ আৰম্ভণিতে ভাঙিল দুখন জিলা সংযোগী বাঁহৰ দলং - দলং
বাৰিষাৰ আৰম্ভণিতে ভাঙিল নামৰূপ-চৰাইদেউ সংযোগী বাঁহৰ দলং ৷ দহ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’ল পকী দলঙৰ ৷
বিগত বছৰসমূহত বাঁহৰ দলংখন উটি গ’লে টুলুঙা নাৱেৰে অঞ্চলটোৰ ৰাইজে যাতায়াত কৰিব লগা হৈছিল যদিও এইবাৰ বাঁহৰ দলংখন উটি যোৱাৰ পাচত নিৰ্মীয়মান পকী দলঙেৰে চলাচল কৰিব পৰাকৈ ব্যৱস্থা কৰি লোৱা হৈছে ৷ দহ বছৰে নিৰ্মাণ কাৰ্য চলি থকা দলংখন সম্পূৰ্ণ হ’বলৈ আৰু এপষেক লাগিব বুলি কোৱা হৈছে যদিও কামৰ যি লেহেমীয়া গতি, তাৰ প্ৰতি লক্ষ্য কৰিলে আৰু 2-3 মাহ সময়ৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা অধিক ৷ প্ৰতি বাৰিষাতে জীয়াতু ভোগা স্থানীয় ৰাইজে শীঘ্ৰেই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক :ক'ভিডত আক্ৰান্ত হৈ বৰপথাৰৰ শিক্ষকৰ মৃত্যু