মৰাণ, 10 ডিচেম্বৰ: ডিব্ৰুগড়ত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ আতংক ৷ ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত বন বিভাগে বহু বাঘ পিঞ্জৰাবদ্ধ কৰিছিল যদিও বৃহস্পতিবাৰে পুনৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ হয় দুটাকৈ বাঘৰ পোৱালী ৷ বাগিচাত চাহ শ্ৰমিকে চাহ গছ কলম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে বাঘৰ পোৱালী দুটা ৷ তাৰ পাছতে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতে বাঘৰ পোৱালী দুটা উদ্ধাৰ কৰে ।
ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী - chabua tea estate
কিছুদিনৰ ডিব্ৰুগড়ত বৃদ্ধি পাইছে বাঘৰ আতংক ৷ এইবাৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ হ'ল দুটাকৈ বাঘৰ পোৱালী ৷ বাঘৰ পোৱালী উদ্ধাৰ হোৱাত আতংকিত হৈ পৰিছে বাগিচাখনৰ ৰাইজ ৷
![ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী two-cub-rescued-in-chabua-tea-estate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9830476-thumbnail-3x2-sdfjk.jpg)
ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ডিব্ৰুগড়ৰ বহুকেইখন গাঁৱত বাঘে দৈনিক পশু ধন ভক্ষণ কৰিছিল ৷ তাৰ পাছৰ পৰাই আতংকিত হৈ গাঁও কেইখনৰ লোকে গধূলিতে ঘৰ সোমাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ বৃহস্পতিবাৰে পুনৰ চাবুৱা চাহ বাগিচাত বাঘৰ পোৱালী উদ্ধাৰ হোৱাত পুনৰ আতংকিত হৈছে বাগিচাখনৰ ৰাইজে ৷