মৰাণ,10 মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিবাৰ্চনৰ মনোনয়ন দাখিলৰ শেষৰ দিনা ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী । ডিব্ৰুগড় সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিবলৈ আহি বঞ্চিত হ'ল অজিত বৰা আৰু আয়ুব খান নামৰ দুজন প্ৰাৰ্থী । তিনি বজাৰ দুই মিনিট পলমকৈ উপস্থিত হৈছিল প্ৰাৰ্থী দুগৰাকী। তাৰ পাচতে উপায়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ কৰিব নিদিলে নিৰাপত্তা বাহিনীয়ে ।
ডিব্ৰুগড়ত মনোনয়ন দাখিলৰ পৰা বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী - নিৰ্বাচনী বিষয়া
ডিব্ৰুগড় সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিবলৈ আহি বঞ্চিত হ'ল অজিত বৰা আৰু আয়ুব খান নামৰ দুজন প্ৰাৰ্থী । তিনি বজাৰ দুই মিনিট পলমকৈ উপস্থিত হোৱাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ কৰিব নোৱাৰিলে প্ৰাৰ্থী দুগৰাকীয়ে ৷

ডিব্ৰুগড়ত মনোনয়ন দাখিলৰ পৰা বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী
ডিব্ৰুগড়ত মনোনয়ন দাখিলৰ পৰা বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী
ইফালে,নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰাত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বঞ্চিত প্ৰাৰ্থী দুগৰাকীয়ে । উল্লেখ্য যে, লাহোৱাল সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নিৰ্দিষ্ট সময়ত উপস্থিত হ'ব নোৱাৰৰ বাবে আয়ুব খান নামৰ প্ৰাৰ্থী গৰাকী বঞ্চিত হ'বলগীয়া হয় ৷
লগতে পঢ়ক:কলিয়াবৰত সৰ্বমুঠ পাঁচ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল