অসম

assam

ETV Bharat / state

ৰাজগড় শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচন - ডিব্ৰুগড় জিলা সাহিত্য সভা

টিংখাং ৰাজগড় শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনীৰ মনোজ্ঞ অনুষ্ঠান ৷ দুখনকৈ গ্ৰন্থ উন্মোচন ৷

ৰাজগড় শাখা সাহিত্য সভাৰ উদ্যেগত গ্ৰন্থ উন্মোচন
ৰাজগড় শাখা সাহিত্য সভাৰ উদ্যেগত গ্ৰন্থ উন্মোচন

By

Published : Mar 3, 2021, 10:29 AM IST

টিংখাঙ,3 মাৰ্চ:টিংখাং কণিষ্ঠ মহাবিদ্যালয়ত ৰাজগড় শাখা সাহিত্য সভাৰ উদ্যেগত অনুষ্ঠিত হয় আলাপ আৰু গ্ৰন্থ উন্মোচনৰ মনোজ্ঞ অনুষ্ঠান ৷ ৰাজগড় শাখা সাহিত্য সভাৰ সভাপতি চিন্ময়জ্যেতি হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে সঞ্জীৱ দত্তই ৷ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজয় সিংহই উদ্বোধন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত দুখনকৈ গ্ৰন্থ ক্ৰমে গৰিমাময় গাঁথা আৰু শব্দ শিল্প উন্মোচন কৰা হয় ৷

উল্লেখযোগ্য যে, গ্ৰন্থ দুখন বিভিন্ন কাকত, স্মৃতিগ্ৰন্থত প্ৰকাশিত লিখাসমূহ একগোট কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হয় ৷ নৃত্য, গীত, কবিতা আবৃত্তিৰে জীপাল হৈ থকা অনুষ্ঠানটোত উপস্থিত থাকে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, ৰাজগড় জ্যেষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃদুল দত্ত, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক পৰমেশ্বৰ নলবৰীয়া, সহকাৰী সম্পাদক শ্ৰৱণ কোঁৱৰ, টিংখাং মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ বিনীতা মৰাং, সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ প্ৰণীতা কলিতা দত্ত ৷

ৰাজগড় শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচন

অসম চৰকাৰে লেখক সন্মানেৰে সন্মানিত কৰা চিন্ময়জ্যোতি হাজৰিকা আৰু বিনোদ কুৰ্মীক ৰাজগড় শাখা সাহিত্য সভাই প্ৰদান কৰে অভিনন্দন পত্ৰ আৰু ফুলাম গামোচা ৷ অনুষ্ঠানটোত বিভিন্নজনে লেখক প্ৰমোদ দত্তক ওপজা দিনৰ ওলগ জনায় ৷

লগতে পঢ়কঃবিপিএফৰ ১২ খন আসনে সাহস দিব মহাজোঁটক !

ABOUT THE AUTHOR

...view details