অসম

assam

ETV Bharat / state

ন্যায় পাবনে 21 বছৰে অপেক্ষাৰত দুগৰাকী অসহায় স্বামীহাৰা পত্নীয়ে ! - Triple Murder case

1998 ত হত্যা কৰা হৈছিল ৰাণা গগৈ, ৰাজু ফুকন আৰু উৎপল বৰুৱাক ৷ তিনি ছালফা সদস্যক হত্যা কৰিছিল সেনাই ৷ 28 অক্টোবৰত অভিযুক্ত সেনা বিষয়া জমিৰ আহমেদক হাজিৰৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷

ন্যায় পাবনে 21 বছৰে অপেক্ষাৰত দুগৰাকী অসহায় স্বামীহাৰা পত্নীয়ে !
ন্যায় অপেক্ষাত 21 বছৰে দুগৰাকী অসহায় স্বামীহাৰা পত্নী

By

Published : Nov 28, 2019, 9:57 AM IST

Updated : Nov 28, 2019, 11:22 AM IST

ডিব্ৰুগড়, 28 নৱেম্বৰ: সুদীৰ্ঘ 21 বছৰে ন্যায়ৰ অপেক্ষাত দুগৰাকী অসহায় মহিলা । 90 ৰ দশকৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডত তিনি গৰাকী পত্নীয়ে চিৰদিনৰ বাবে হেৰুৱাইছিল নিজ স্বামীক । পলী ৰাজখোৱা, দীপা দাস ফুকননামৰ মহিলা দুগৰাকীৰ স্বামী আৰু আন এজনক 1998 চনত হত্যা কৰি ডিব্ৰুগড়ৰ ৰাজপথত পেলাই থৈ গৈছিল সেনাই । নিৰ্মম সেই হত্যাকাণ্ডৰ ন্যায় বিচাৰি দীপা দাস ফুকন, পলী ৰাজখোৱাই পাৰ কৰি দিলে দুটা দশক । অভাৱনীয় কষ্টৰে ডাঙৰ দীঘল কৰিলে কোলাৰ কেচুঁৱা, চলালে স্বামীহাৰা জীৱনৰ অকথ্য সংগ্ৰাম ।

হত্যা কৰা ছালফা সদস্য

অভিযোগ অনুসৰি, 1998 চনৰ 27 আগষ্টৰ নিশা ডিব্ৰুগড় চৌকিদিঙ্গিৰ ৰ'দালি পথৰ এটা বাসগৃহত সেনা বিষয়া জমিৰ আহমেদ খানে গুলীয়াই হত্যা কৰিছিল তিনি ছালফা সদস্য ৰাণা গগৈ, ৰাজু ফুকনআৰু উৎপল বৰুৱাক । ৰাণা গগৈ আৰু ৰাজু ফুকনৰে পত্নী হৈছে ক্ৰমে পলী ৰাজখোৱা আৰু দীপা দাস ফুকন । শীতল মস্তিষ্কৰে হত্যা কৰাৰ অভিযোগত অভিযুক্ত সেনা বিষয়া জমিৰ আহমেদ খানে ঘটনাৰ পাছতে অসম এৰি আঁতৰি গৈছিল ।

হত্যা কৰা ছালফা সদস্য

199827 আগষ্টত তিনি ছালফা সদস্য ৰাণা গগৈ, ৰাজু ফুকন আৰু উৎপল বৰুৱাক সেনাৰ 11 জাট ৰেজিমেন্টৰ তেতিয়াৰ মেজৰ জমিৰ আহমেদ খানে ডিব্ৰুগড়ৰ চৌকিদিঙ্গিৰ গৃহটোত প্ৰথমে গুলীয়াই হত্যা কৰে আৰু পাছত এখন মাৰুতি গাড়ীত ভৰাই চাউলউখোৱা সমীপত পেলাই থৈ যায় ।

কিন্তু ডিব্ৰুগড় সদৰ থানাত এই ঘটনাৰ গোচৰ পঞ্জীয়নভূক্ত হৈছিল ভাৰতীয় দণ্ড বিধিৰ 120B/201/302/427 ধাৰাৰ 410/98 নম্বৰ গোচৰত যদিও সুদীৰ্ঘ 21 বছৰে পৰি ৰৈছিল ন্য়ায় প্ৰক্ৰিয়া ।

হত্যা কৰা ছালফা সদস্য

অৱশেষত ন্যায়ালয়ৰ তৎপৰতাত ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ আৰম্ভ কৰিছে গোচৰৰ তদন্ত । যোৱা 9 অক্টোবৰত এই ঘটনাৰ শুনানিৰ পাছতে ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা মাৰণাস্ত্ৰ সহ জমিৰ আহমেদ খানক 28 নৱেম্বৰত হাজিৰ হোৱাৰ কাৰা নিৰ্দেশ প্ৰদান কৰিছিল । ডিব্ৰুগড় আৰক্ষীৰ হৈ বৰ্তমানৰ ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্ধেশ্বৰ বৰাক তদন্তকাৰী বিষয়া হিচাপে লৈ ডিব্ৰুগড় আৰক্ষী নামি পৰিছে জোৰদাৰ তদন্তত ।

তিনি ছালফা সদস্যক হত্যা

উল্লেখ যে, বৰ্তমান সেনাৰ লেফটেনেণ্ট কৰ্ণেল পদলৈ পদোন্নতি পোৱা জমিৰ আহমেদ খান আদালতত হাজিৰ হ'লে দুটা দশক পুৰণা নৃশংস হত্যাকাণ্ডৰ গোচৰটোৱে নতুন গতি লাভ কৰিব । ইফালে ডিব্ৰুগড় চহৰত সেনা বিষয়াৰ সঘনাই তহল পৰিলক্ষিত হৈছে ৷ ইফালে শিৰৰ সেন্দুৰ মচি 21 টা বছৰে কেৱল ন্যায়ৰ অপেক্ষাত ৰৈ থকা দুগৰাকী অসহায় পত্নীৰ বাবেও যেন এই তদন্ত প্ৰক্ৰিয়াই লৈ আহিছে আশাৰ ৰেঙনি ।

ন্যায় অপেক্ষাত 21 বছৰে দুগৰাকী অসহায় স্বামীহাৰা পত্নী

লগতে চাওক-বান বিধ্বস্ত অঞ্চলত কৃষিৰে সেউজ বিপ্লৱ

Last Updated : Nov 28, 2019, 11:22 AM IST

ABOUT THE AUTHOR

...view details