মৰাণ,১৮ অক্টোবৰ:ব্যক্তিগত খণ্ডৰ হাতলৈ যাব উত্তৰ-পূৱৰ অন্যতম ৰাজহুৱা খণ্ডৰ সাৰ উদ্যোগ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড চমুকৈ বি ভি এফ চি এল (Brahmaputra Valley Fertilizer Corporation Limited)। সাৰ কাৰাখানাটোক উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi) নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে চলাই থকা প্ৰস্তুতিৰ মাজতে মঙলবাৰে অসম তৃণমূল কংগ্ৰেছ দলৰ ডিব্ৰুগড জিলা আৰু তিনচুকীয়া জিলা কমিটিৰ যৌথ উদ্যোগত মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (TMC protest against privatization of BVFCL Namrup)।
উল্লেখ্য যে নিৰ্বিনিয়োজন নীতিৰ আধাৰত নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড অৰ্থাৎ BVFCL ৰ নাম সাঙুৰ খাই পৰাত ইতিমধ্যে এই বিষয়ে নামৰূপৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে বিভিন্ন শ্লোগানেৰে কঁপাই তোলে নামৰূপ । নামৰূপ তথা অসমৰ গৌৰৱ নামৰূপ সাৰ কাৰখানা ব্যক্তিগত খণ্ডৰ হাতৰ পৰা বচাবলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।