মৰাণ, ২০ মাৰ্চ:ডিব্ৰুগড়ৰ জিলা পুথিভঁড়ালত দেওবাৰে অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী (TMC joining programme at Dibrugarh)। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ ৰাজ্য়িক সভাপতি ৰিপুন বৰাই (Trinamool Congress meeting in Dibrugarh)। এই কাৰ্যসূচীত বিভিন্ন দলৰ শতাধিক কৰ্মী-সমৰ্থকে তৃণমূল কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে । যোগদান কাৰ্যসূচীত দলটোৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে ।
ইপিনে, ইয়াৰ পিছতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰি কয়,"এ আই ইউ ডি এফ অবিহনে মহাজোঁট সম্পূৰ্ণ হ'ব নোৱাৰে । "মহাজোঁটত বৃহৎ ৰাজনৈতিক দলসমূহ থাকিব লাগিব বুলি তেওঁ দাবী কৰে । ৰাজ্য়িক সভাপতি ৰিপুন বৰাই পুনৰ কয় যে নাম গোন্ধ নোহোৱা সৰু-সুৰা দলক লৈ মহাজোঁট গঠন হ'ব নোৱাৰে । মহাজোঁটত দুই-এটা দল আছে, সেই দলটোৰ তেৱেই সভাপতি আৰু তেৱেই প্ৰাৰ্থী ৷
জমিনত নথকা বা ৰাইটিং পেডত থকা পাৰ্টীক লৈ মহাজোঁট হ'ব নোৱাৰে । তেনেকুৱা মহাজোঁটে প্ৰৱল পৰাক্ৰমী বিজেপিক প্ৰতিহত কৰিব নোৱাৰে বুলি মন্তব্য় কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্য়িক সভাপতি ৰিপুন বৰাই । তেওঁ পুনৰ কয় যে শক্তিশালী ৰাষ্ট্ৰীয়তাবাদী তথা আপোচকামী দল অবিহনে কেতিয়াও মহাজোঁট গঠন হ'ব নোৱাৰে । এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গঠন কৰিব বিচৰা মহাজোঁটক অনৰ্থক আখ্যা তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ।