অসম

assam

ETV Bharat / state

পদপথৰ মানসিক ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা দুলীয়াজানৰ যুৱকৰ - Psychiatric Patients

দুলীয়াজানত একাংশ মানৱ দৰদী লোকৰ মহানুভৱতা ৷ মানসিক ৰোগীক আশ্ৰয়স্থল নিৰ্মাণ কৰি দিয়াৰ লগতে খাদ্য যোগানৰ উপৰিও মানসিক ৰোগীজনক চিকিৎসা ব্যৱস্থাৰ বাবে সুবিধা কৰি তেজপুৰস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰি মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰে যুৱকৰ দলটোৱে ৷

দুলীয়াজান
দুলীয়াজানৰ যুৱকৰ মহানুভৱতা,পদপথৰ মানসিক ৰোগীৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা

By

Published : Aug 29, 2020, 6:53 PM IST

দুলীয়াজান, 29 আগষ্টঃ দুলীয়াজানৰ পথত অনাই-বনাই ঘূৰি ফুৰা মানসিক ৰোগীক আশ্ৰয়স্থল নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে দুলীয়াজানৰ মানৱ দৰদী যুৱক ভাৰ্গৱ বৰুৱা, অঞ্জন ডেকাৰ লগতে এটা যুৱকৰ দলে ৷ টিংখাং সমষ্টিৰ কমল চেত্ৰী নামৰ এজন যুৱকে মানসিক ভাৰসাম্য হেৰুৱাই নাহৰকটীয়া দুলীয়াজানৰ মধ্যৱৰ্তী মাধপুৰ নামৰ ঠাইত অনাই-বনাই ঘূৰি ফুৰাৰ লগতে পথটোৰে অহা-যোৱা কৰা লোকে দি যোৱা বিস্কুট কেক খাইয়ে দিন অতিবাহিত কৰি আহিছিল ৷

কিন্তু নাহৰকটীয়াৰ মুকুল কিশোৰ শইকীয়া নামৰ এজন যুৱকে ২৫ জুলাইত কৰা এটা ফেচবুক পোষ্টে যথেষ্ঠ চৰ্চা লাভ কৰাৰ পাছতে যুৱকজনৰ কাষ চাপি অহা দেখা গ'ল মানৱ দৰদী একাংশ লোক ৷ কেইজনমান যুৱকে অনাই-বনাই ঘূৰি ফুৰা যুৱকজনক এটা ঘৰ সাজি পানী নপৰাকৈ থাকিব পৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে নখ, চুলি-দাড়ি কাটি গা ধুৱাই পৰিষ্কাৰ পৰিছন্নতাৰে ৰখাৰ উপৰিও দৈনিক যোগান ধৰি আহিছে খাদ্য সামগ্ৰী ৷ লগতে মানসিক ৰোগীজনৰ পঁজাটোৰ কাষতে এটা চ'লাৰ লাইটৰ ব্যৱস্থা কৰি দিয়ে উদীয়মান যুৱকৰ দলটোৱে ৷ তাৰোপৰি নেপালী সম্প্ৰদায়ৰ যুৱকজনক কাঞ্চা নামেৰে মাতিবলৈ আৰম্ভ কৰি যুৱকজনক সুস্থ কৰি তোলাৰ উদ্দেশ্যৰে বিগত এমাহ ধৰি তেওলোকৰ আজৰি সময়বোৰ যুৱক জনৰ সৈতে গান গাই ফুৰ্তি কৰি অতিবাহিত কৰি আহিছে ৷ যাৰ ফলশ্ৰুতিতে বৰ্তমান যুৱকজন যথেষ্ট সুস্থ হৈ উঠাও পৰিলক্ষিত হৈছে ৷

দুলীয়াজানৰ যুৱকৰ মহানুভৱতা,পদপথৰ মানসিক ৰোগীৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা

উল্লেখ্য যে, পুৰণি হিন্দী বোলছবি আৰু গানৰ প্ৰতি দুৰ্বাৰ হেপাহ কাঞ্চাৰ ৷ ম'বাইলত গান বাজিলেই কোন বোলছবিৰ গীত চিনেমাখনৰ নায়ক কোন সকলো কব পাৰে কাঞ্চাই ৷ ক্ৰমাৎ সুস্থ হৈ অহা কাঞ্চাই যুৱক কেইজনক লগ পালে গান গাই হাঁহি ফুৰ্তিত মচগুল হৈ পৰে ৷ শেহতীয়াকৈ দুলীয়াজানৰ মানৱদৰদী যুৱক ভাৰ্গব বৰুৱা আৰু তেওঁৰ সতীৰ্থ সকলে বিগত এমাহ ধৰি পৰিচৰ্যা কৰি অহা কাঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা হাতত লৈছিল সেইয়াও ইতিমধ্যে সফল হোৱা বুলি জানিবলৈ দিয়ে ভাৰ্গব বৰুৱাই ৷ ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লব গোপাল ঝাৰ সহযোগত ভাৰ্গব বৰুৱা আৰু তেওঁৰ সতীৰ্থ সকলে শনিবাৰে কাঞ্চাক তেজপুৰস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ভৰ্তি কৰে ৷ দুলীয়াজানৰ মানৱদৰদী এই যুৱক কেইজনৰ প্ৰচেষ্টাৰ বাবেই হয়তো কমল চেত্ৰী ওৰফে কাঞ্চা নামৰ যুৱকজনে খুব কম সময়ৰ ভিতৰতে সুস্থ হৈ তেজপুৰৰ পৰা উভতি আহিব গৃহ জিলা ডিব্ৰুগড়লৈ ৷

দুলীয়াজানৰ যুৱকৰ মহানুভৱতা,পদপথৰ মানসিক ৰোগীৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা

লগতে পঢ়কঃ অসম ৰাজ্যিক দলৰ জ্যেষ্ঠ মহিলা ফুটবলাৰ পায়েল দাসলৈ আৰ্থিক সাহাৰ্য

ABOUT THE AUTHOR

...view details