মৰাণ, 21 মে’:পানীমেটেকা আমাৰ গাঁওসমূহত সচৰাচতে দেখা এবিধ জলজ উদ্ভিদ ৷ সাধাৰণতে এই পানীমেটেকাসমূহ পুখুৰীত হ’লে আৱৰ্জনা বুলি পেলাই দিয়া যায় ৷ কিন্তু শেহতীয়াকৈ এই পানীমেটেকাসমূহ ব্যৱহাৰ কৰিয়েই একাংশ লোকে বিভিন্ন ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰা দেখা যায় ৷ বিভিন্ন গাঁও অঞ্চলত পানীমেটেকাৰৰ পৰা সামগ্ৰী প্ৰস্তুত কৰিয়েই নিজৰ জীৱিকাৰ পথ মুকলি কৰিছে (Training of product making from Pani meteka)৷
এইবাৰ টিংখাঙত বিশেষভাৱে সক্ষমসকলৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে "মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ" নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই ৷ সমাজৰ বিশেষভাৱে সক্ষম সকলেও যাতে আত্মগৌৰৱ আৰু স্ব-নিৰ্ভৰশীলতাৰে জীৱন যাপন কৰিব পাৰে তাৰ বাবে আগবাঢ়ি আহিছে এই সংস্থাটো (Pani meteka product making training) ৷
উল্লেখযোগ্য যে মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অন্তৰ্গত "অইল সক্ষম" প্ৰকল্পৰ সহযোগত বিশেষভাৱে সক্ষমসকলৰ বাবে গ্ৰহণ কৰা হৈছে 10 দিনীয়া এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী (Training for differently able people )। য'ত প্ৰশিক্ষাৰ্থীসকলক অসমৰ জলাশয়ত সহজে উপলব্ধ পানীমেটেকাৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত টিংখাং ৰাজগড়ৰ ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণত প্ৰায় 19 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।