অসম

assam

ETV Bharat / state

নাহৰকটীয়াত লাইনচ্যুত মালবাহী ৰে'লঃ 5 দিনলৈ ব্যাহত ৰেলসেৱা - নাহৰকটীয়াত লাইনচ্যুত মালবাহী ৰে'ল

তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা চাউল দালি কঢ়িয়াই নিয়া এখন মালবাহী ৰে'ল গাড়ীৰ নাহৰকটীয়া বাঁহধাৰী গাঁৱত ৫ টাকৈ ডবা লাইনৰ পৰা বাগৰি পৰে ৷ তাৰ পাচতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷

নাহৰকটীয়া
নাহৰকটীয়াত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে'ল

By

Published : Dec 8, 2019, 12:42 PM IST

ডিব্ৰুগড়, 8 ডিচেম্বৰঃনাহৰকটীয়া বাহধাৰী গাঁৱত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । ৫ টাকৈ ডবা লাইনচ্যুত হোৱাত নষ্ট হয় বহু পৰিমাণৰ চাউল আৰু দাইল ৷ দুৰ্ঘটনাৰ ফলত 5 দিনলৈ বন্ধ হৈ পৰিব উজনিমুৱা নামনিমুৱা ৰে'ল সেৱা ।

নাহৰকটীয়াত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে'ল

দেওবাৰে পুৱা তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা চাউল-দালি কঢ়িয়াই নিয়া এখন মালবাহী ৰে'ল গাড়ীৰ নাহৰকটীয়াৰ বাঁহধাৰী গাঁৱত ৫ টাকৈ ডবা লাইনৰ পৰা বাগৰি পৰে ৷ তাৰ পাচতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে মেৰামতি কৰা হৈছিল ট্ৰেইনৰ ট্ৰেকটো । এই ট্ৰেইনৰ ট্ৰেকটোৱেদি কিছু সময় পূৰ্ৱে পাৰ হৈ গৈছিল ৰাজধানী এক্সপ্ৰেছৰ লগতে ডিব্ৰুগড় হাওৰা কামৰূপ এক্সপ্ৰেছ ৷ ফলত সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বহু সংখ্যক যাত্ৰী ।

নাহৰকটীয়াত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে'ল

আনহাতে, দুৰ্ঘটনাৰ পাচতেই স্থানীয় লোকে চাউল দালিক লৈ এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰে যদিও ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে এই দুৰ্ঘটনাৰ ফলত 4- 5 দিনৰ বাবে ব্যাহত হৈ পৰিব উজনিমূৱা-নামনিমুৱা ৰে'ল সেৱা । আনহাতে ঘটনাস্থলীত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

আৰু পঢ়কঃ " শ্বহীদ দিৱস " এইবাৰ পালন নকৰে শ্বহীদ পৰিয়ালে

ABOUT THE AUTHOR

...view details