অসম

assam

ETV Bharat / state

কুটুহাৰ ভগামূৰত একেলগে দপদপাই জ্বলিল ৫ খনকৈ চিতা

এটা হৃদয় বিদাৰক দৃশ্য ৷ যি দৃশ্যই এবাৰলৈ হ’লেও মৰ্মাহত কৰি তুলিব আপোনাক ৷ একেটা শাৰীত দাউ দাউকৈ জ্বলিছে পাঁচখন চিতা ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ কুটুহা ভগামূৰত কান্দোনৰ ৰোল উঠিছে ৷

By

Published : Nov 27, 2020, 2:30 PM IST

funeral of five people performed together at moran
funeral of five people performed together at moran

মৰাণ, ডিব্ৰুগড়, 27 নৱেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণৰ কুটুহা ভগামূৰত কান্দোনৰ ৰোল উঠিছে ৷ একেটা শাৰীত দাউ দাউকৈ জ্বলিছে পাঁচখন চিতা ৷ যি দৃশ্যই শোকস্তব্ধ কৰি তুলিছে সকলোকে ৷ বুধবাৰে পুৱাতেই গাঁও খনত বিয়পিছিল এটা খবৰ ৷ খবৰ মানে, এটা বেয়া খবৰ ৷ এটা পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে গাঁওখনৰ পাঁচজনকৈ লোকৰ ৷ মঙলবাৰে নিশা ধেমাজিৰ চিচি বৰগাঁৱৰ পৰা কইনা আনিবলৈ গৈছিল বিবাহযাত্ৰীৰ এটি দল ৷ দৰা-কাইনাৰ গাড়ীৰ উপৰিও আন এখন বলেৰ’ত আহিছিল কেইজনমান বয়োজ্যেষ্ঠ লোক ৷ কুটুহাৰ ভগামুৰৰ দৰা ঘৰলৈ আহি থকা সময়তে ডিব্ৰুগড়ৰ লেপেটকটাত পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰেইলাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ব’লেৰ’খনে ৷ ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই চালকসহ ছজনকৈ লোকে ৷

একেলগে দপদপাই জ্বলিল ৫ খনকৈ চিতা

এই ঘটনাই শোকৰ বন্যা বোৱাইছে এখন কুটুহাৰ ভগামূৰ গাঁৱত ৷ দৰা ঘৰলৈ আছিল আৰু প্ৰায় ১০ কিলোমিটাৰ বাট ৷ কোনেও হয়তো কল্পনাই কৰা নাছিল যে এনেকৈ আদবাটতে মৃত্যুৱে কাঢ়ি নিব ছজন লোকক ৷

কুটুহাৰ ভগামূৰত একেলগে দপদপাই জ্বলিল ৫ খনকৈ চিতা

যাৱতীয় সকলো কাৰ্য সমাপনৰ অন্তত কুটুহা ভগামূৰ গাঁৱৰ ৰাইজে চকুলো সামৰি সৎকাৰ কৰিলে হেম বৰা, মদন বৰা, জীৱক শইকীয়া, কণপাই ভূঞা আৰু দেৱ বৰাৰ দেহ । আনহাতে, লেজাই আশাপূৰ গাঁৱত জ্বলিল চালক প্ৰকাশজ্যোতি দাসৰ চিতা ৷ শোকবিহ্বল ৰাইজক শান্তনা দিবলৈ ৰাইজৰ মাজত উপস্থিত থাকিল মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । এটা দুৰ্ঘটনাই এতিয়া কন্দুৱাইছে এখন গোট গাঁৱক ৷

লগতে পঢ়ক :প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

ABOUT THE AUTHOR

...view details