অসম

assam

By

Published : Dec 22, 2021, 5:20 PM IST

ETV Bharat / state

অসমীয়াৰ চোতালৰ পৰা হেৰাই যাব নেকি মৰণা মৰা প্ৰথা ?

বৰ্তমান সময়ত প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । আনকি কৃষি ক্ষেত্ৰত বিজ্ঞানৰ প্ৰয়োগৰ বাবে বিলুপ্ত হ'বলৈ আৰম্ভ কৰিছে বহু পুৰণি প্ৰথা । বৰ্তমান কৃষকসকলে গৰু হালেৰে মৰণা মৰাৰ পৰিৱৰ্তনে বিশেষ ধান সৰা যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে (People use paddy thresher machine)। যাৰ ফলত বহু ঠাইত এতিয়া পৰম্পৰাগত মৰণা মৰা প্ৰথা বিলুপ্তি হোৱাৰ পথত ।

Moran
ইতিহাস হোৱাৰ দিশে পৰম্পৰাগত মৰণা মৰা প্ৰথা

আমগুৰি, ২২ ডিচেম্বৰ :সচৰাচৰ পথাৰৰ ধান ঘৰলৈ চপাই অনাৰ পাছতে এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যায় গ্ৰামাঞ্চলত । গৰু হালেৰে ঘৰৰ চোতালে চোতালে মৰণা মৰাত ব্যস্ত হৈ পৰে কৃষকসকল (Traditional paddy thresher system with cow)। কিন্তু বৰ্তমান দেখিবলৈ পোৱা নাযায় এই দৃশ্য । গ্ৰামাঞ্চলতো ইতিহাস হোৱাৰ দিশে পৰম্পৰাগত সেই প্ৰথা (Traditional paddy thresher system in verge of extinction) ।

গৰু হালৰ অভাৱ আৰু অত্যাধুনিক যন্ত্ৰৰ সুবিধাৰ বাবে কৃষকসকলে এৰিলে পৰম্পৰাগত মৰণা মৰা প্ৰথা (People use paddy thresher machine)। এয়া শিৱসাগৰ জিলাৰ দৃশ্য । দুই এখন গাঁৱৰ কৃষকে কিন্তু আজিও ধৰি ৰাখিছে মৰণা মৰা পৰম্পৰা ।

অসমীয়াৰ চোতালৰ পৰা হেৰাই যাব নেকি মৰণা মৰা প্ৰথা ?

অৱশ্যে বৰ্তমান যন্ত্ৰই কিছু পৰিমাণে সহজ কৰিছে তুলিছে । এতিয়া সময়ৰো কম প্ৰয়োজন হয় । কিন্তু এতিয়াও বহু কৃষকৰ মতে যন্ত্ৰতকৈও গৰু হালৰ সৈতে মৰণা মৰা হে বেছি উত্তম ।

যাৰ বাবে এই প্ৰথা ধৰি ৰাখিবলৈ আহ্বান জনাইছে কৃষকসকলে । মুঠতে বিজ্ঞানৰ যুগত সকলো ক্ষেত্ৰতে আহিছে পৰিৱৰ্তন । কৃষি কৰ্মটো পৰিছে ইয়াৰ প্ৰভাৱ । যাৰ বাবে ইতিমধ্যে সমাজৰ পৰা হেৰাই গৈছে বহু পৰম্পৰা ।

লগতে পঢ়ক :First Tea Museum in Northeast: ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম

ABOUT THE AUTHOR

...view details