মৰাণ,21এপ্ৰিলঃএতিয়া ৰাজ্যত ক'ভিড আতংক । ক'ভিড ভয়াবহতাই ৰঙালী বিহুৰ আনন্দকো ম্লান পেলালে । ডিব্ৰুগড়ৰ সকলো বিহু অনুষ্ঠান বাতিল হৈছে ইতিমধ্যে । বুধবাৰে মাংগলিক নীতি নিয়মেৰে উষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণৰ দল-সংগঠন তথা মৰাণবাসী ৰাইজৰ সহযোগত মৰাণৰ পৰিদৰ্শন ভৱনৰ প্ৰাংগণত কেন্দ্ৰীয় তৰা চিঙা বিহু অনুষ্টুপীয়াকৈ সামৰণি মৰা হয় ৷ কেৱল ধৰ্মীয় পৰম্পৰা ৰীতি নীতি পালন কৰি তৰা চিঙা বিহুৰ সামৰণি মৰাল লগতে এজোৰা হুঁচৰি আৰু জেংবিহুৰ দলৰ বিহু প্ৰদৰ্শন কৰি বিহুৰ সামৰা হয় ।
মৰাণত ক'ভিড ভয়াবহতাৰ বাবে অনুষ্টুপীয়াকৈ সামৰণি পৰিল তৰা চিঙা বিহু - মৰাণৰ পৰিদৰ্শন ভৱন
বুধবাৰে মাংগলিক নীতি নিয়মেৰে উষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণৰ দল-সংগঠন তথা মৰাণবাসী ৰাইজৰ সহযোগত মৰাণৰ পৰিদৰ্শন ভৱনৰ প্ৰাংগণত কেন্দ্ৰীয় তৰা চিঙা বিহু অনুষ্টুপীয়াকৈ সামৰণি মৰা হয় ৷
মৰাণত ক'ভিড ভয়াবহতাৰ বাবে অনুষ্টুপীয়াকৈ সামৰণি পৰিল তৰা চিঙা বিহু
উল্লেখ্য যে, তৰা চিঙা বিহু ৰঙালী বিহুৰ মাতৃ স্বৰূপ ৷ এই বিহু আৰম্ভ কৰিছিল চাওলুং চ্যুকাফাই। এই বিহুত দোলা যাত্ৰাৰে তৰাগছ আনি আসনত স্থাপন কৰা হয়।
লগতে পঢ়কঃ কণ্ঠশিল্পী ভিতালী দাসৰ দেহাৱসান
Last Updated : Apr 21, 2021, 11:01 PM IST