অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা মুখ্য বাতৰি - top10 news

সন্ধিয়া 7 বজাৰ দহটা মুখ্য বাতৰি

top10 news
মুখ্য বাতৰি

By

Published : Aug 1, 2021, 6:59 PM IST

সন্ধিয়া 7 বজাৰ দহটা মুখ্য বাতৰি-

লাভলীনা ইমান জেদী কিয় ?

যি গৰাকী অসমকন্যাক লৈ সমগ্ৰ অসমবাসীৰ বুকু এতিয়া গৌৰৱত ওফন্দি উঠিছে, যিগৰাকী অসমকন্যাই নিজৰ জন্মভূমিৰ বাবে সোণালী আখৰেৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছে, সেইগৰাকী অসম গৌৰৱ লাভলীনা বৰগোঁহাই কিন্তু যেতিয়া বক্সিঙৰ ৰিঙত নামে তেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে প্ৰত্যক্ষ নকৰে কন্যাৰ দুৰ্দান্ত খেল ।

উৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই

সুশান্ত বৰগোঁহাইৰ বিজেপিত যোগদান কাৰ্যসূচীত দলৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা ।

জুলাইত সংগ্ৰহ কৰা জিএছটি ৰাজহৰ পৰিমাণ ১.১৬ লাখ কোটিৰো অধিক

জুলাই মাহত দেশখনৰ জিএছটি ৰাজহৰ (GST revenue) পৰিমাণ ১.১৬ লাখ কোটি টকাতকৈ অধিক । ই ২০২০ চনৰ জুলাই মাহত সংগ্ৰহ কৰা জিএছটি ৰাজহৰ তুলনাত ৩৩ শতাংশ অধিক ।

লখিমপুৰৰ কদমত বানৰ সংহাৰী ৰূপ

লখিমপুৰ নগৰৰ গাতে লাগি থকা এটা বিস্তীৰ্ণ অঞ্চলত দীৰ্ঘদিন ধৰি বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বানত ককবকাইছে শ শ পৰিয়ালে ৷ কিন্তু কাণসাৰ নাই চৰকাৰ, প্ৰশাসন তথা জন প্ৰতিনিধিৰ ৷

জল জীৱন মিছনৰ অধীনত কলিয়াবৰত পানী যোগান আঁচনিৰ শুভাৰম্ভ

জল জীৱন মিছন আঁচনিৰ অধীনত নলযোগে খোৱাপানী ৰাইজে ঘৰতে পাব পৰাকৈ শনিবাৰে কলিয়াবৰত (KALIABOR) তিনিটাকৈ আঁচনিৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ মহকুমাধিপতি (subdivision OFFICER) পবিত্ৰ কুমাৰ দাসে । কলিয়াবৰৰ বিহদুবিৰ ২৫৭, ধনেখোৱাৰ ২৯৭ আৰু দেৱসত্ৰৰ ৩০১ টা পৰিয়ালে এই আঁচনিৰ জৰিয়তে ঘৰতে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ'ব ।

লামডিং সংৰক্ষিত বনাঞ্চলত বন্য হস্তীৰ বাবে খোৱা পানীৰ ব্যৱস্থা

ৰাজ্যত সঘনে সংঘটিত হোৱা হস্তী-মানুহৰ সংঘাত এক জটিল সমস্যা ৰূপে চিহ্নিত হোৱা সময়চোৱাতে হোজাই জিলাত বিশ্ব হিন্দু পৰিষদে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ হস্তী প্ৰকল্প ঘোষিত অঞ্চলত হস্তীৰ বাবে পানী খোৱা পুখুৰী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে পৰিষদে ৷

দীপক দাসক ভাৰতৰ নতুন কণ্ট্ৰ'লাৰ জেনেৰেল অফ একাউণ্টৰ দায়িত্ব

ভাৰতৰ 25 তম কণ্ট্ৰ'লাৰ জেনেৰেল অফ একাউণ্ট (চিজিএ) হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিলে দীপক দাসে । ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় অসামৰিক একাউণ্ট সেৱাৰ প্ৰশিক্ষণ একাডেমী ইনষ্টিটিউট অৱ গভৰ্ণমেণ্ট একাউণ্ট এণ্ড ফাইনেন্স (INGAF)ৰ সঞ্চালক আছিল ।

মণিপুৰৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোবিনদাস কন্থৌজামৰ বিজেপিত যোগদান

মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোবিনদাস কন্থৌজামে দেওবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু জ্যেষ্ঠ বিজেপি নেতা সম্বিত পাত্ৰৰ উপস্থিতিত মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিজেপিত যোগদান কৰে ।

তিনি তালাকক ফৌজদাৰী অপৰাধ ঘোষণা কৰাৰ দুবছৰ সম্পূৰ্ণ কৰিলে ভাৰতে

দুবছৰ পূৰ্বে ১ আগষ্টৰ দিনটোতে ভাৰতে তিনি তালাকক ফৌজদাৰী অপৰাধ বুলি ঘোষণা কৰিছিল । মুছলিম মহিলা আইন ২০১৯ জৰিয়তে সমাজৰ মহিলাসকলৰ আত্মনিৰ্ভৰশীলতা, আত্মসন্মান আৰু আত্মবিশ্বাসক বজাই ৰখাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

মুকলি হ’ল RRR ছবিৰ থিম চং DOSTI

বন্ধুত্ব দিৱস উপলক্ষে, আহিবলগীয়া চলচ্চিত্ৰ RRRৰ নিৰ্মাতাসকলে DOSTI নামৰ থীম চঙটো মুকলি কৰিছে ৷ এম এম কীৰাৱানীৰ লগতে পাঁচগৰাকী শিল্পীয়ে হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত গীতটোত কণ্ঠদান কৰিছে ৷

ABOUT THE AUTHOR

...view details