অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি - শীৰ্ষ দহটা বাতৰি

7 বজাৰ শীৰ্ষ দহটা বাতৰি

top10 news
শীৰ্ষ দহটা বাতৰি

By

Published : Jul 26, 2021, 7:01 PM IST

ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ ব্যৱসায়ত মন্দাৱস্থা

এতিয়া ৰাজ্যত ৰ’দৰ খাও-খাও মূৰ্তি ৷ এই গৰমৰ দিনকেইটাত আপোনাৰ দেহক প্ৰয়োজন শীতল পানীয়ৰ ৷ বাৰু কি সেৱন কৰি ভালপায় আপুনি ? কোকাকোলা, স্প্ৰাইট নে আন ডাবৰ পানী ? কিন্তু গৰমৰ দিন স্বত্বেও ঠেকেৰাগুৰিৰ ডাব ব্যৱসায়ীসকলৰ মাজত দেখা দিছে মন্দাৱস্থাই ৷ কিন্তু কিয় ?

বিহালী বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ দাবী

বিহালী বনাঞ্চলত আৱিষ্কৃত হৈছে বহু আপুৰুগীয়া উদ্ভিদ তথা দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী ৷ পৃথিৱীৰ ক’তো নোপোৱা ক্ল'ৰ'ফাইটিমা আছামিকাম নামৰ এবিধ স-পুষ্পক উদ্ভিদ পোৱা গৈছে এই বনাঞ্চলত । যাৰ বাবে বিভিন্ন দল-সংগঠনৰ দাবী বিহালী বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে ৷

পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

অসম-মিজোৰাম সীমান্তত সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিস্থিতি ৷ সীমান্তৱৰ্তী লাইলাপুৰত অসম আৰক্ষীক লক্ষ্য কৰি মিজো আৰক্ষীৰ গুলীচালনা ৷ মিজোৰ বেদখল উচ্ছেদ কৰিবলৈ গৈছিল অসম আৰক্ষী ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত অৰ্ধ সামৰিক বাহিনী মোতায়েন ৷

ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক

২০১৯-২০ বৰ্ষত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ঈশান উদয় ছাত্ৰ বৃত্তিৰ নামত মহাবিদ্যালয়ৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত ৭ মাহ পূৰ্বে গোচৰ ৰুজু কৰিছিল ৷ অৱশেষত সোমবাৰে বৰপেটা আৰক্ষীয়ে এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক আটক কৰে ৷

২০১১ নহয়, ২০০১ ৰ পিয়লৰ ভিত্তিতহে হ’ব সমষ্টিৰ পুনৰ গঠন

২০০১ ৰ পিয়লৰ ভিত্তিত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ গঠন হ’ব ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই সমষ্টিসমূহ গঠন কৰিবলৈ আগবাঢ়িছে ৷

কেপ্তেইন জিণ্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস

কাৰ্গিল যুদ্ধত দেশৰ 527 গৰাকী বীৰ শ্বহীদৰ মাজৰ এজন আছিল ঘোলাঘাটৰ কেপ্টেইন জিণ্টু গগৈ ৷ প্ৰতি বছৰৰ দৰে সমগ্ৰ দেশৰ লগতে কেপ্তেইন জিণ্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস ।

বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্কৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

50 কোটি টকা ব্যয় সাপেক্ষে ডিমা হাচাও জিলাত নিৰ্মাণ হ'ব এখন বিশেষ বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক (Bamboo Industrials Park) ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ই ইয়াৰ আধাৰশিলা স্থাপন কৰে ৷

কৃষি আইনৰ প্ৰতিবাদত যন্তৰ মন্তৰলৈ ৰাওনা মহিলা প্ৰতিবাদকাৰী

তিনিখন কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যন্তৰ মন্তৰ অভিমুখে ৰাওনা মহিলা প্ৰতিবাদকাৰী ৷ মহিলা স্বাধীন কিষাণ সংসদ চলোৱাৰ উদ্দেশ্য এই যাত্ৰা প্ৰতিবাদকাৰীৰ দলটোৰ ৷ মহিলা প্ৰতিবাদকাৰীসকলে জনায় যে তেওঁলোকে এটা সৰ্ব-মহিলা স্বতন্ত্ৰ 'কিষাণ সংসদ' চলাব ।

অভিনেতা হোৱাৰ মন কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ

অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে কণ্ঠশিল্পী-সুৰকাৰ গুৰু ৰন্ধাৱা(Guru Randhawa) । সংগীত ভিডিঅ'ত অভিনয় কৰি নিজৰ দক্ষতাৰ আভাস দিয়া গুৰু ৰন্ধাৱাই এইবাৰ অভিনয় কৰিব এখন হিন্দী ছবিত । এগৰাকী যুৱ সংগীত শিল্পীৰ কৰ্মজীৱনৰ ওপৰত ৰচিত কাহিনীক লৈ ছবিখন নিৰ্মাণ কৰা হ'ব ।

অপেক্ষা মাথো কেইটামান ঘন্টাৰ : লাভলীনা জয়ী হোৱাৰ আশাত অসম

মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ সমগ্ৰ ভাৰত তথা অসমবাসীৰ আশীৰ্বাদেৰে অলিম্পিক বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই । সম্পূৰ্ণৰূপে সাজু অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাই ।

ABOUT THE AUTHOR

...view details