অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - top10 news

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি

top10 news
শীৰ্ষ বাতৰি

By

Published : Oct 6, 2021, 1:05 PM IST

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি-

দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

গুৱাহাটীত উত্তৰ-পূৱৰ ৰাজ্যসমূহত খোৱা তেল ‘Palm Oil’ বিষয়ক ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত বাণিজ্য সন্মিলন । ১১,০৪০ কোটি টকা ব্যয়েৰে আগন্তুক ৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৩.২৮ লাখ হেক্টৰ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ ৩.২২ হেক্টৰ ভূমিত ‘Palm Oil’ৰ অধীনত ৬.৫ লাখ হেক্টৰৰ অতিৰিক্ত এলেকা সামৰি লোৱা হ’ব ।

আমগুৰিৰ ‘সৌৰশক্তি পাৰ্ক’ৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশে

2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি হ’ব আমগুৰিত স্থাপন হোৱা 70 মেগাৱাট শক্তিসম্পন্ন ‘সৌৰশক্তি পাৰ্ক’(Solar Power Park) ৷ প্ৰকল্পটোৰ কাৰ্যালয় গৃহ, চাৰিসীমাৰ দেৱাল আৰু অধিকাংশ ‘চ’লাৰ পেনেল’(Solar Panel) স্থাপনৰ কাম সম্পূৰ্ণ হোৱা বুলি প্ৰকল্পথলী পৰিদৰ্শন কৰি অসম বিধানসভাৰ বিধায়িনী দলৰ সভাপতি তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(Ramendra Narayan Kalita)ই জানিবলৈ দিয়ে ৷

কুখ্যাত অপৰাধী বিমান বৰাক এনকাউণ্টাৰ ডিব্ৰুগড় আৰক্ষীৰ

উজনি অসমৰ কুখ্যাত অপৰাধী বিমান বৰাক এনকাউণ্টাৰ(Encounter) ডিব্ৰুগড় আৰক্ষী(Dibrugarh Police)ৰ ৷ বিমানক চাবুৱা বাইপাছৰ কাজিখোৱাত বুধবাৰে পুৱা 4.30 বজাত এনকাউণ্টাৰ কৰে আৰক্ষীয়ে ৷ হত্যা, অপহৰণ, ডকাইতি আৰু চুৰিকাণ্ডৰ দৰে অপৰাধত জড়িত আছিল অপৰাধী বিমান ৷

থাওৰাৰ ৰাজনীতি : সুশান্তক ৰঙা দলিচা, কুশলক ললিপপ

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল ৷ বিজেপিৰ শীৰ্ষ মহলটো থাওৰা সমষ্টিক লৈ বৃদ্ধি পাইছে তৎপৰতা ৷ উপ-নিৰ্বাচনক লৈ থাওৰাৰ বৈছে বিজেপিৰ এক মৃদু বতাহো ৷

15 টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ প্ৰতিটো চিলিণ্ডাৰত 15 টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত পেট্ৰ'লিয়াম কোম্পানীসমূহৰ ৷ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য ৷ ইয়াৰ পূৰ্বে 1 অক্টোবৰত Liquefied Petroleum Gas (LPG) চিলিণ্ডাৰৰ মূল্য ৪৩.৫০ টকা বৃদ্ধি পাইছিল ৷

বিকল্প অবিহনে উচ্ছেদ কৰা বন্ধ কৰক : অসম ৰাজ্যিক কৃষক সভা

প্ৰসংগ ছিপাঝাৰৰ গৰুখুঁটি কাণ্ড ৷ ছিপাঝাৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ পাচত কেনে আছে, ক’ত আছে উচ্ছেদিত লোকসকল ? কোনে খবৰ ৰাখিছে তেওঁলোকৰ ?

ঐতিহাসিক শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি

বজালী জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়(Parihareswar Devalaya)ত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলিও উদযাপন কৰা হ’ব দুৰ্গা পূজা(Durga Puja) । 16 শতিকাৰ পৰাই ৰাণী ফুলেশ্বৰীয়ে এই স্থানত আৰম্ভ কৰা দুৰ্গা পূজা এই বৰ্ষত 9 দিনীয়াকৈ উদযাপন কৰা হ’ব ।

জ্যোতিষীৰ দৃষ্টিৰে কেনে হ’ব শাৰদীয় দূৰ্গা পুজা !

আজি মহালয়া । জন বিশ্বাস অনুসৰি মহালয়াৰ দিনাই ধৰালৈ দেৱী দুৰ্গাৰ আগমন হয় ৷ সেই উপলক্ষে যোৰহাটতো সান্ধ্য আইনৰ সময় সমাপ্ত হোৱাৰ পিছতে পুৱাই ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ ৷ মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পোৱা বুলি বিশ্বাস কৰা হয় ৷

এতিয়াও বিজেপিৰ হাইকমাণ্ডে তলব কৰা নাই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীক

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ বাৰে বাৰে সমালোচিত হৈছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনী(Ajay Mishra Teni) । আনকি বিজেপি(BJP)ৰ শীৰ্ষ নেতৃত্বই তেওঁক দিল্লী মাতি পঠিয়াইছে বুলি খবৰ বিয়পি পৰিছে । কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে স্পষ্ট কৰি দিয়ে যে, লখিমপুৰ খেৰী ঘটনা(Lakhimpur Kheri Incident)ক লৈ এই পৰ্যন্ত বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজধানী চহৰখনলৈ তলব কৰা নাই ।

১২ অক্টোবৰৰ পৰা 'বিজয় যাত্ৰা' আৰম্ভ কৰিব অখিলেশ যাদৱে

পুৰণি কৌশল অৱলম্বন কৰি ৰাজপাট দখলৰ মন সমাজবাদী পাৰ্টী(Samajwadi Party)ৰ সভাপতি অখিলেশ যাদৱ(Akhilesh Yadav)ৰ । বিজয় যাত্ৰাৰে ৰাইজৰ কাষ চপাৰ পৰিকল্পনা কৰিছে দলটোৱে । ১২ অক্টোবৰৰ পৰা 'সমাজবাদী বিজয় যাত্ৰা' আৰম্ভ কৰিব সমাজবাদী পাৰ্টীয়ে ।

ABOUT THE AUTHOR

...view details