অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 19, 2021, 11:04 AM IST

হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

বৃহস্পতিবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ হৃদৰোগত আক্ৰান্ত মহন্তক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় দিল্লীস্থিত এইমছত ৷ কিছুদিনৰ পূৰ্বেও দুবাৰকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷

ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ

বৃহস্পতিবাৰে বকোৰ ছমৰীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলটোৰ জাতীয় সমাৱেশত উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপি নেতাই ৷ ছিণ্ডিকেটৰ ধনৰ অংশ উচ্চ পৰ্যায়ৰ নেতালৈকে পায় বুলিও মন্তব্য এজেপিৰ সভাপতি গৰাকীৰ ৷

কুইপ’ৰ অপহৃত ২ বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে

তিনিচুকীয়াৰ আইন মহাবিদ্যালয়ৰ পথত অৱস্থিত দাহালবাবাৰ মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। আলফা (স্বাঃ)ক মানৱীয়তাৰ খাতিৰত দুই বিষয়াক মুক্তি দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২১ডিচেম্বৰত আলফা(স্বাঃ) ই অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বৰ্তমানেও সংগঠনটোৰ জিম্মাতে আছে ।

অসমত এইবাৰ এআইইউডিএফে ভূমিকম্পৰ সৃষ্টি কৰিব: চিৰাজ উদ্দিন আজমল

বৃহস্পতিবাৰে নগাঁৱৰ ডবকাত চিৰাজউদ্দিন আজমলৰ উপস্থিতিত যমুনামুখ সমষ্টিৰ কেইবাশতাধিক লোকে AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

ৰাজনৈতিক ভাৱে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ মৃত্যু নিশ্চিত:ৰকিবুল হুছেইন

কমলপুৰ সমষ্টিৰ অন্তৰ্গত বাইহাটা শিৱমন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ অসম বচাও আহক শীৰ্ষক সভাত উপস্থিত থাকি সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কঠোৰ ভাৱে সমালোচনা কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

অসম চুক্তিৰ ৬ নং দফাকলৈ কৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক সমালোচনা

অসম চুক্তিৰ ৬ নং দফা সমিতিৰ পৰামৰ্শাৱলী ৰূপায়ণ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰিছিল অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ এই মন্তব্যৰ পিছতে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন । জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আৰু অসম জাতীয় পৰিষদৰ নেতা ৰঞ্জন বৰপাত্ৰ গোঁহাঞিয়ে সমালোচনা কৰে মন্ত্ৰীগৰাকীক ।

কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব: ৰিপুন বৰা

বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰাই পেলাবলৈ কংগ্ৰেছে বিভিন্ন ধৰণৰ ৰণ কৌশল হাতত লোৱা দেখা গৈছে ৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই গহপুৰত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ।

নলবাৰীত অশোক শৰ্মাৰ ১৯ খন আঁচনিৰ আধাৰশিলা উন্মোচন

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পূৰ্বে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই চতুৰ্দশ ৰ্বিত্তীয় আয়োগ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ আৱন্টিত ধনেৰে নলবাৰী চহৰত ১৯ খন আঁচনি ৰূপায়নৰ বাবে আধাৰশিলা স্থাপন কৰে ।

বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, জনজাতিকৰণৰ মৰ্যাদা প্ৰদান আৰু ভূমি পট্টা প্ৰদান কৰা আদি সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিব্ৰুগড় জিলা উপায়ুক্তৰে বৈঠক জিলা সাংবাদিকৰ

ডিব্ৰুগড় জিলাৰ বিভিন্ন সমস্যাৰ লগতে আগন্তুক নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে ডিব্ৰুগড় উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা খনৰ সংবাদকৰ্মী সকলৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা মিলিত হয় ৷

ABOUT THE AUTHOR

...view details