টিংখাং, 20 ডিচেম্বৰ : টিংখাঙৰ দৰে এখন ভিতৰুৱা গ্ৰামাঞ্চলৰ মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰ্যায়ৰ চুড়ান্ত বৰ্ষৰ ফলাফলত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি সমগ্ৰ টিংখাঙলৈকে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰী টনীমোন চাংমাইয়ে ৷ টিংখাং বাইলোংভেটি গাঁৱৰ নিবাসী মীৰা চাংমাই আৰু প্ৰয়াত নিৰুদ চাংমাই কন্যা টনীমোন চাংমাইয়ে স্নাতক পৰ্যায়ত মুঠ ৮১.২৯ শতাংশ নম্বৰেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত বুৰঞ্জী বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগত প্ৰথম স্থানত টিংখাঙৰ টনীমোন চাংমাই - dibrugarh university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য ঘোষিত স্নাতক পৰ্যায়ৰ চুড়ান্ত বৰ্ষৰ ফলাফলত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি সমগ্ৰ টিংখাঙলৈকে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰী টনীমোন চাংমাইয়ে ৷ টনীমোন চাংমাইয়ে স্নাতক পৰ্যায়ত লাভ কৰিলে মুঠ ৮১.২৯ শতাংশ নম্বৰ ৷
সংবাদ মাধ্যমৰ আগত ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে পূৰ্বৰ পৰাই শিক্ষাৰ ক্ষেত্ৰত নিজৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা টনীমোন চাংমাইয়ে ৷ লগতে টনীমোনে টিংখাং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক যতীন্দ্ৰ নাথ কোঁৱৰ, বুৰঞ্জী বিভাগৰ অধ্যাপক লুহিত বুঢ়াগোহাঁইৰ , টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিমালা গোঁহাই ফুকনৰ লগতে অন্যান্য অধ্যাপক অধ্যাপিকা সকলৰ সহযোগিতাৰ বাবেই এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি সদৰি কৰে ।
লগতে পঢ়ক :আগন্তুক নিৰ্বাচনত শিৱসাগৰ সমষ্টিত আঞ্চলিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ