মৰাণ, 14 মে' :লক্ ডাউনৰ সময়ত উপযুক্ত বজাৰৰ অভাৱত কৃষি পথাৰতে গেলি-পচি গৈছে কৃষকৰ উৎপাদিত শস্য ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত খোৱাঙৰ ৰঙালাও বজাৰৰ সন্মুখত 4 জন কৃষকে কৰা প্ৰায় 18 বিঘা বিলাহী খেতি গছতে গেলি পচি গৈছে । ফলত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক কেইজনৰ মাজত ৷
জানিব পৰামতে, অঞ্চলটোৰ প্ৰহ্লাদ শইকীয়া, বিপুল খনিকৰ, অৰুণ দত্ত, গোপাল লৈয়িং নামৰ ব্যক্তি কেইজনে নিজা গাঁঠিৰ ধনেৰে প্ৰায় 5 লাখ 30 হাজাৰ টকা খৰচ কৰি বিলাহীৰ খেতি কৰিছিল ৷ কিন্তু উৎপাদিত বিলাহী সমূহ লহপহকৈ বাঢ়ি অহাৰ সময়তে সমগ্ৰ দেশজুৰি বলবৎ হোৱা লক্ ডাউনৰ বাবে কৃষক কেইজনে বিক্ৰী কৰিব নোৱাৰিলে উৎপাদিত বিলাহী সমূহ ৷