ডিব্ৰুগড়, 29 এপ্ৰিল : জীৱন মৰাণৰ ওপৰত থকা গোচৰ সমূহৰ আইনী ব্যৱস্থাৰ দিহা কৰিছে অসম আৰক্ষীয়ে । বৃহস্পতিবাৰে আৰক্ষীৰ জিম্মাত ৰখা হ'ব প্ৰাক্তন আলফা নেতা জীৱন মৰাণক ৷ ইতিমধ্যে এই কথা সদৰি কৰিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে ।
অসম অৰুণাচল সীমান্তৰ পৰা অসম আৰক্ষীয়ে চমজি লোৱা আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা গৰাকীক প্ৰথমে ডিব্ৰুগড়ৰ ফুলবাগানস্থিত আৰক্ষী চাউনিলৈ অনা হয় ৷ ইয়াৰ পাচতে সন্ধিয়া পৰত ডিব্ৰুগড় সদৰ থানালৈ লৈ যোৱা হয় জীৱন মৰাণক ৷ উল্লেখ কৰিব লাগিব, জীৱন মৰাণৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত এতিয়াও স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ডিব্ৰুগড় আৰক্ষী ৷
লক্ষ্যণীয় ভাৱে কাকপথাৰৰ নিবাসী জীৱন মৰাণক অৰুণাচলৰ পৰা তিনিচুকীয়া আৰক্ষীৰ বিপৰীতে ডিব্ৰুগড়ৰ আৰক্ষীয়ে কিয় চমজি ল'লে, তাক লৈও এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে ৷ অৱশ্যে অতি সোনকালে জীৱন মৰাণৰ সন্দৰ্ভত অসম আৰক্ষীৰ ফালৰ পৰা কিছু কথা ৰাইজক অৱগত কৰা হ'ব বুলি জানিবলৈ দিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰটিক থোৱে ।