মৰাণ, 14মে’:ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ-স্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰৰ দিনটোতে ৬৫ গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ পোৱা গৈছে । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬২ জন, ১ জন চৰাদেউ জিলাৰ আৰু ২ জন বৰবৰুৱা ব্লকৰ নিৱাসী বুলি জানিব পৰা গৈছে । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৰ্তমানলৈকে লৈকে মুঠ ১০৬৬ গৰাকীলৈ ক’ভিড ৰোগী বৃদ্ধি পাইছে ।
ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত শুকুৰবাৰে ২১ গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ২৩৫ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলকে হ’ম আইচ’লেশ্যনত ৰখা হৈছে ।