মৰাণ,২৭ মে': ডিব্ৰুগড় জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত ৫১ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।
ইয়াৰে ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৪৮ জন, এজন চৰাইদেউ আৰু দুজন নাহৰণি ব্লকৰ নিবাসী । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এই পৰ্যন্ত মুঠ ১,৭৪৯ গৰাকীলৈ ক'ভিড ৰোগী বৃদ্ধি পায় । উক্ত ক'ভিড আক্ৰান্তসকলৰ ভিতৰৰ ১৩ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী ক'ভিড কেয়াৰ কেন্দ্ৰত ৰখা হৈছে । বাকীকেইজন আক্ৰান্তক হোম আইচ’লেচনত ৰখা হৈছে ।