অসম

assam

ETV Bharat / state

ৰঙিয়া আৰু মৰাণ ৰেল ষ্টেচনত নিষিদ্ধ হ'ল প্লাষ্টিক - ৰঙিয়া

অহা ২ অক্টোবৰত অনুষ্ঠিত হব লগীয়া মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰেল বিভাগে আয়োজন কৰা স্বচ্ছতা পষেকৰ আজি দ্বিতীয়টো দিন ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে পুৱাৰ ভাগত ষ্টেচনটোৰ লগতে ডি আৰ এম অফিচ, ৰেলৱে কলনি আৰু উদ্যানত চাফাই অভিযান চলোৱা হয় ।

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে স্বচ্ছতা পষেক আয়োজন ৰেল বিভাগৰ

By

Published : Sep 17, 2019, 11:13 PM IST

ৰঙিয়া, 17 চেপ্তেম্বৰঃ ৰঙিয়া ৰেল ষ্টেচনত মঙলবাৰৰ পৰা নিষিদ্ধ প্লাষ্টিক । পূৰ্বতে স্বচ্ছতাৰ বাবে ভাৰতৰ ভিতৰতে সপ্তম স্থান লাভ কৰা ৰঙিয়া ষ্টেচনত এতিয়াৰ পৰা যাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব পলিথিন জাতীয় প্লাষ্টিকৰ সামগ্ৰী । ৰঙিয়াৰ ডি‌আৰ‌এম ভি. এ. মালেগাওকাৰে এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ‌। এই ষ্টেচনটোত পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে পৰিবেশ সংৰক্ষণত সহায়ক হোৱাৰ বাবে মূলতঃ এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ফলত উৎফুল্লিত হৈছে ষ্টেচনটোত কৰ্মৰত চাফাই কৰ্মচাৰীসকল ।
আনহাতে অহা ২ অক্টোবৰত অনুষ্ঠিত হব লগীয়া মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰেল বিভাগে আয়োজন কৰা স্বচ্ছতা পষেকৰ আজি দ্বিতীয়টো দিন ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে পুৱাৰ ভাগত ষ্টেচনটোৰ লগতে ডি আৰ এম অফিচ, ৰেলৱে কলনি আৰু উদ্যানত চাফাই অভিযান চলোৱা হয় ।

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে স্বচ্ছতা পষেক আয়োজন ৰেল বিভাগৰ

ইয়াৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে ১১ ছেপ্তেম্বৰ পৰা ২ অক্টোবৰৰ লৈকে চলি থকা স্বচ্ছতাই সেৱা অনুষ্ঠানৰ লগত সংগতি ৰাখি মঙলবাৰে মৰাণ ৰেলৱে কৰ্মচাৰী সকলেও ষ্টেচনৰ চৌপাশ চাফা কৰি স্বচ্ছতাই সেৱা কাৰ্যসূচী অনুষ্ঠিত কৰে । অনুষ্ঠিত কাৰ্যসূচীত মৰাণহাট ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ মনজি‌ত চন্দ্ৰ বৰ্মন, RPF মৰাণ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ নাথ বৰ্মন উপস্থিত থাকে | মৰাণহাট ৰেল ষ্টেচন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সকলো যাত্ৰী আৰু ৰাইজক অনুৰোধ জনাই বিষয়াসকলে ৷ লগতে মঙলবাৰৰ এই অনুষ্ঠানতে মৰাণহাট ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টৰে ঘোষণা কৰে মঙলবাৰৰ পৰা ৰেল ষ্টেচনত কোনেও প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰা নোৱাৰাৰ কথা ৷ ইয়াৰ লগতে তেওঁ জনাই যে এই আইন ভংগ কৰিলে ভৰিব লাগিব জৰিমনা ।

For All Latest Updates

TAGGED:

মৰাণ

ABOUT THE AUTHOR

...view details