ডিব্ৰুগড়,26 আগষ্টঃ সোমবাৰে চাওলুং চ্যুকাফাৰ প্ৰথমটো অস্থায়ী ৰাজধানী ঐতিসাহিক তিপামৰ মূল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ এই মূল তোৰণখন নিমাৰ্ণৰ বাবে মুখ্যমন্ত্ৰী পুজিৰ পৰা ১০ লাখ টকাৰ ব্যয়েৰে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় খাদ্য ও সংশোধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ উক্ত আধাৰশিলা অনুষ্ঠানত নাহৰকটীয়াৰ বিধায়ক নৰেণ সোনোৱাল,বিজেপি যুৱ মৰ্চাৰ উপ সভাপতি তৰংগ গগৈ আৰু ৰাজ্যিক বিজেপিৰ সদস্য ৰঞ্জিত বৰুৱা প্ৰমূখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
ঐতিসাহিক তিপামৰ মূল তোৰণৰ আধাৰশিলা স্থাপন - TIPAM MAIN GATE FOUNDATION STONE
সোমবাৰে ঐতিসাহিক তিপামৰ মূল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় খাদ্য ও সংশোধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে
চাওলুং চ্যুকাফাৰ প্ৰথমটো অস্থায়ী ৰাজধানী আছিল ঐতিহাসিক তিপাম পাহাৰত ৷ 1226 খৃষ্টাব্দত চাওলুং চ্যুকাফাই সুদূৰ মাওলুংৰ পৰা আহি পাটকাই পৰ্ব্বত পাৰ হৈ 16 আঘোণ তাৰিখে বুৰঞ্জীয়ে পৰশা 'তি' মানে "ওখ"আৰু 'পাম" মানে" ঠাই" অৰ্থাৎ ওখ ঠাই তিপাম দেওশালি পৰ্ব্বতত উপস্থিত হৈছিল ৷ তাৰ পিছতই তেওঁ নিজৰ মৰমৰ বগা ঘোঁৰাটো বলি দি স্থাপন কৰিছিল প্ৰথমটো অস্থায়ী ৰাজধানীৰ লগতে তিপামৰ বুঢ়াডাঙৰীয়া থান ৷ চাওলুং চ্যুকাফাই এই অস্থায়ী ৰাজধানীৰ পৰাই অসমৰ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ আৰম্ভ কৰি বৰ অসমৰ ভেটি গঢ়ি তুলিছিল ৷ সোমবাৰে পৰ্যটকৰ সুবিধাৰ্থে চুকাফাৰ এই অস্থায়ী ৰাজধানীলৈ যোৱা মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত মূল তোৰণ নিমাৰ্ণৰ বাবেই স্থাপন কৰা হয় আধাৰশিলা ৷