অসম

assam

ETV Bharat / state

বুঢ়ীদিহিঙৰ পাৰত এগৰাকী মহিলাৰ সংগ্ৰাম - টিংখাঙৰ আঘোণীবাৰীৰ  গোলাপী চাংমাই

টিংখাঙৰ এগৰাকী মহিলাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে বুঢ়ীদিহিঙৰ পাৰত সূচনা কৰিছে সেউজ বিপ্লৱৰ ৷ যাৰ হাতৰ পৰশত ভৰি পৰিছে বুঢ়ীদিহিঙৰ বালিচহীয়া পাৰ ।

Tingkhong Woman Farmer
বুঢ়ীদিহিঙৰ পাৰত সেউজ বিপ্লৱৰ সূচনা কৰিছে টিংখাঙৰ এগৰাকী মহিলাই

By

Published : Dec 25, 2019, 9:27 AM IST

Updated : Dec 25, 2019, 9:45 AM IST

টিংখাং,25 ডিচেম্বৰ :এগৰাকী সাধাৰণ মহিলা । ৫৪ বছৰীয়া সাধাৰণ মহিলাগৰাকীৰ কৰ্মত এটা অঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত জাগি উঠিছে কৰ্মস্পৃহা । যাৰ হাতৰ পৰশত ভৰি পৰিছে বুঢ়ীদিহিঙৰ বালিচহীয়া পাৰ। মহিলাগৰাকী টিংখাঙৰ আঘোণীবাৰীৰ গোলাপী চাংমাই। বুঢ়ীদিহিঙৰ পাৰৰ ৬০ বিঘাতকৈ অধিক কৃষি-ভূমিত মহিলাগৰাকীৰ হাতত প্ৰাণ পাই উঠিছে ভিন্ন ধৰণৰ খেতি। গোলাপী চাংমাইয়ে এই বিশাল কৃষি-খণ্ডত সম্পূৰ্ণ নিজস্ব প্ৰচেষ্টাৰে বিগত প্ৰায় বিশ বছৰে খেতি কৰি আহিছে । এইগৰাকী সংগ্ৰামী মহিলাই খেতিৰ যাৱতীয় কাম-কাজ সকলো নিজেই সম্পাদন কৰে ৷

বুঢ়ীদিহিঙৰ পাৰত এগৰাকী মহিলাৰ সংগ্ৰাম

উল্লেখ্য যে উজনি অসমৰ বিভিন্ন ঠাইৰ পাইকাৰী বেপাৰীয়ে প্ৰতি বছৰে ক্ৰয় কৰে গোলাপী চাংমাইৰ খেতিৰ পৰা উৎপাদিত ফচল। খেতি কৰি বছৰি 8 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে গোলাপী চাংমাইয়ে। কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিছে বুঢ়ীদিহিঙৰ পাৰৰ এইগৰাকী মহিলাই ৷ কৃষি কাৰ্যকে জীৱিকাৰ একমাত্ৰ পথ হিচাপে গ্ৰহণ কৰি বৰ্তমান সমাজৰ বাবে গোলাপী চাংমাই এক অতি পৰিচিত নাম। নতুন প্ৰজন্মৰ বাবে আদৰ্শ মহিলা হিচাপে পৰিণত হৈছে এইগৰাকী মহিলা। তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ইতিমধ্যে অঞ্চলটোৰ বহু যুৱকে কৃষি কাৰ্যৰ প্ৰতি মন মেলিছে । বৃদ্ধি পাইছে বুঢ়ীদিহিঙৰ পাৰৰ সেউজ বিপ্লৱৰ পৰিসৰ। তেখেতৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ৷

আৰু পঢ়ক : টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূ

Last Updated : Dec 25, 2019, 9:45 AM IST

ABOUT THE AUTHOR

...view details