অসম

assam

ETV Bharat / state

ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ - শিক্ষকতা জীৱনৰ স্মৃতি ৰোমন্থন

অসমীয়া ভাষা,কৃষ্টি,সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা টিংখাঙৰ ৰাজগড় ব্যৱসায়ী সন্থাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ কেৱল ব্যৱসায়-বাণিজ্যতে সীমাবদ্ধ নাথাকি ব্যৱসায়ী সন্থাই সোমবাৰৰ পৰা আৰম্ভ কৰিছে “এই মাহৰ অতিথি” শীৰ্ষক এক নতুন অনুষ্ঠান ৷

ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ
ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ

By

Published : Feb 2, 2021, 10:25 AM IST

টিংখাং, 2 ফেব্ৰুৱাৰী: টিংখাঙৰ ৰাজগড় ব্যৱসায়ী সন্থাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ ৷ ৰাজগড় ব্যৱসায়ী সন্থাই আৰম্ভ কৰিছে এক নতুন আৰু ব্যতিক্ৰমী অনুষ্ঠান ৷ কেৱল ব্যৱসায়-বাণিজ্যতে সীমাবদ্ধ নাথাকি অসমীয়া ভাষা,কৃষ্টি, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ব্যৱসায়ী সন্থাই গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ ৷ তাৰ ভিতৰত ব্যৱসায়ী সন্থাই সোমবাৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে “এই মাহৰ অতিথি” শীৰ্ষক এক নতুন অনুষ্ঠান ৷

ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ

উল্লেখ্য যে, ৰাজগড় ব্যৱসায়ী সন্থাৰ অন্যতম যুটীয়া সম্পাদক নীৰজ জয়ছোৱালে উদ্দেশ্য ব্যাখা কৰা আৰু চিন্ময়জ্যোতি হাজৰিকাই আঁতধৰা অনুষ্ঠানটি ব্যৱসায়ী সন্থাৰ সভাপতি বিপ্লৱ ধাদুমীয়াৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় ৷ ৰাজগড় ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানটি শুভাৰম্ভ কৰে “আপকু”ৰ মুখ্য উপদেষ্টা মনোজ সিঙে ৷ এই মাহৰ অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰাজগড়ত "জনপ্ৰিয় পুথিঘৰ”ৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰা পৰেশ বৰুৱা ৷ শিক্ষকতা জীৱনৰ স্মৃতি ৰোমন্থনৰ লগতে গুৰু-শিস্যৰ মাজত থকা শ্ৰদ্ধা-ভক্তিৰ কথা আলোকপাত কৰাত অনুষ্ঠানটি গম্ভীৰ হৈ পৰে ৷

ৰাজগড় ব্যৱসায়ী সন্থাৰ “এই মাহৰ অতিথি” অনুষ্ঠানৰ শুভাৰম্ভ

শিক্ষকতাৰ উপৰিও পৰেশ বৰুৱা অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত জড়িত হোৱাৰ উপৰিও “জনপ্ৰিয় পুথিঘৰ”ৰ যোগেদি অঞ্চলটোত বৌদ্ধিক বাতাবৰণ গঢ়ি তোলাত এক অনন্য ভূমিকা গ্ৰহণ কৰি আহিছে ৷ 2005 বৰ্ষত তেখেতে শুভাৰম্ভ কৰা “জনপ্ৰিয় পুথিঘৰ”ৰ সোণালী জয়ন্তী উদযাপন কৰিব ৰাজগড় ব্যৱসায়ী সন্থাই ৷ এই মাহৰ অতিথি অনুষ্ঠানটিৰ যোগেদি অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ৰাজগড় ব্যৱসায়ী সন্থাৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে সন্থাৰ সকলো সদস্যকে ধৈৰ্য্য,মিঠামুখীয়া,একাগ্ৰতা আৰু আত্মবিশ্বাসেৰে আগুৱাই যাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত

ABOUT THE AUTHOR

...view details