অসম

assam

ETV Bharat / state

কেঁচা চাহপাতৰ মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক - ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

ৰাজ্যত কেঁচা চাহপাতৰ মূল্য (Tea Price) হ্ৰাস পোৱাৰ লগে লগে বিপাঙত পৰিছে টিংখাঙৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Growers) ৷ চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত কেঁচা চাহপাতৰ মূল্য আছিল 46-47 টকা আছিল যদিও বৰ্তমান ইয়াৰ মূল্য় হ্ৰাস পাই 20-21 টকা হৈছে ।

tingkhong small tea growers in trouble
ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

By

Published : Jul 14, 2021, 9:36 AM IST

টিংখাং, 14 জুলাই :ডিব্ৰুগড় জিলাৰ টিংখাঙত হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Growers)ৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ চৰম ভাবুকি নামি আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ জীৱনলৈ ৷ কিয়নো ৰাজ্যত হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্য (Tea Price) ৷ চাহখেতিৰ যোগেদি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা ক্ষুদ্ৰ চাহ খেতিয়কসকলক সময়ে-সময়ে মাধমাৰ শোধাই আহিছে বৃহৎ চাহ কোম্পানী (Tea Company) আৰু বটলিফ ফেক্টৰী (Factory)সমূহে ।

ভাৰতীয় চাহ ব’ৰ্ড (Tea Board of India)ৰ নিৰ্দেশনাকো ভেঙুচালি কৰি কেঁচা চাহপাত ক্ৰয় কৰা একাংশ বৃহৎ চাহ কোম্পানী আৰু বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচাপাতৰ উচিত মূল্য প্ৰদান কৰাত কৃপণালি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । যাৰ ফলস্বৰূপে কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহাৰ লগতে কেতিয়াবা বাগিচাৰ কেঁচাপাত ৰাজপথত পেলাই দিব লগাৰ দৰে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত কেঁচা চাহপাতৰ মূল্য আছিল 46-47 টকা ।

কিন্তু বৰ্তমান হ্ৰাস পাই ইয়াৰ মূল্য হৈছেগৈ 20-21 টকা ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

যি সময়ত পেট্ৰ’ল-ডিজেলকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি (Price Hike) পাবলৈ ধৰিছে, সেই সময়তে হোৰাহোৰে কমিবলৈ ধৰিছে কেঁচা চাহপাতৰ মূল্য । ইফালে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ, শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি পোৱাৰ বাবে কেঁচাপাতৰ নিম্নগামী হৈছে ৷ ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । প্ৰতিবছৰে এনেদৰে কেঁচাপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহি এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

লগতে পঢ়ক :এগৰাকী মানসিক বিকাৰগ্ৰস্তক সহায়ৰ হাত কাৰ্বি আংলং DLSA য়ে

ABOUT THE AUTHOR

...view details