টিংখাং, ১৭ ফেব্ৰুৱাৰী: টীয়ক চাহ বাগিচাত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ সন্দৰ্ভত দক্ষতা বিকাশৰ এক প্ৰশিক্ষণ সম্পন্ন । ডিব্ৰুগড় জিলাৰ টিংখাং চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত টীয়ক চাহ বাগিচাৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিৰ সন্দৰ্ভত এটি দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । আদৰণী ভাষণ প্ৰদান কৰি চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে কয় 'অংগনবাড়ী কৰ্মীসকলে সমাজৰ উন্নতিৰ বাবে যথেষ্ট দায়িত্বসহকাৰে কাম কৰি আহিছে । সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় তথ্যবোৰ কৰ্মীসকলে যুগুত কৰি ৰাখিব লাগিব' ।
অভয়পুৰ প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰবী নেওগে উদ্দেশ্য বাখ্যা কৰা প্ৰশিক্ষণটিত উপস্থিত থাকি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে এই প্ৰশিক্ষণ শিবিৰত অংশ লৈ কয় 'অংগনবাড়ী কৰ্মীসকলৰ কাৰণে বৰ্তমান চৰকাৰে বহুতো নতুন নতুন পৰিকল্পনা গ্ৰহণ কৰিছে । চৰকাৰে গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃ তথা ০-৬ বছৰৰ শিশুসকলক পুষ্টিকৰ খাদ্যৰ যোগান ধৰি আহিছে' ।