অসম

assam

ETV Bharat / state

টিংখাঙত অন্ধকাৰৰ দিশে শিক্ষাৰ্থীৰ ভৱিষ্যত - tingkhong

বিগত ৩০ বছৰে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ মাজত শিক্ষাৰ পোহৰ বিলাই অহা বিদ্যালয়খনে শংকিত কৰি তুলিছে অভিভাৱকসকলক । নিশ্চিত মৃত্যুৰ দিশে গতি কৰিছে বিদ্যালয়খন । গভীৰ সমস্যাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক ।

টিংখাঙত অন্ধকাৰৰ দিশে শিক্ষাৰ্থীৰ ভৱিষ্যত
টিংখাঙত অন্ধকাৰৰ দিশে শিক্ষাৰ্থীৰ ভৱিষ্যত

By

Published : Feb 15, 2021, 1:01 PM IST

টিংখাং,১৫ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অধীনৰ টিংখাঙৰ মাহমৰা অঞ্চলৰ মাহমৰা ব্লক মধ্য ইংৰাজী বিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ । ১৯৯০ চনতে প্ৰতিষ্ঠা লাভ কৰি সুদীৰ্ঘ ৩০ বছৰে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ মাজত শিক্ষাৰ পোহৰ বিলাই অহা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ এতিয়া অনিশ্চয়তাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ।

টিংখাঙৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ

বিদ্যালয়খনত আছে ১০১ গৰাকী ছাত্ৰ-ছাত্ৰী । তাৰ বিপৰীতে আছে ৫ জন শিক্ষক-শিক্ষয়িত্ৰী । শেহতীয়াকৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষকসহ ৩ গৰাকী শিক্ষকৰ পদ প্ৰদেশীকৰণ কৰি তেওঁলোকক অন্য এখন বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । যাৰ ফলত বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । কাৰণ নিযুক্তি পত্ৰত বান্ধি দিয়া চৰ্ত অনুসৰি, বিদ্যালয়খন বন্ধ হৈ যোৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে । ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা অভিভাৱকসকল । কঠোৰ ত্যাগ আৰু পৰিশ্ৰমেৰে সুদীৰ্ঘ বছৰে পাঠদান কৰি অহা সপোনৰ বিদ্যালয়খনক মৃত্যুমুখলৈ ঠেলি নিদিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:যোৰহাটত চোৰাং গৰুভৰ্তি 5 খনকৈ বাহন জব্দ

ABOUT THE AUTHOR

...view details